কংগ্ৰেছ নেতাসকলে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ৰাষ্ট্ৰীয় ৰাজধানীৰ বীৰ ভূমিত তেওঁৰ ৩৩ তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, পি চিদাম্বৰম আৰু শচীন পাইলট বীৰভূমিত বিদেহী নেতাজনৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা সকলৰ ভিতৰত আছিল। কংগ্ৰেছৰ সভাপতি খৰ্গে দলৰ এক্স হেণ্ডেলত লিখিছে-একবিংশ শতিকাৰ আধুনিক ভাৰতৰ দূৰদৰ্শী, ভাৰতীয় তথ্য বিপ্লৱৰ জনক, পঞ্চায়তি ৰাজ সৱলীকৰণৰ স্থপতি, শান্তি আৰু সম্প্ৰীতিৰ পথপ্ৰদৰ্শক প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ শ্বহীদ দিৱসত তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি । ভাৰতক এক সৱল আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত তেওঁৰ উল্লেখনীয় অৱদান সদায় স্মৰণীয় হৈ থাকিব। রাহুল গান্ধীয়ে কংগ্ৰেছ এক্স হেণ্ডেলত লিখিছিল, পাপা, আপোনাৰ সপোন, মোৰ সপোন, আপোনাৰ আকাংক্ষা, মোৰ দায়িত্ব। আপোনাৰ স্মৃতি, আজি আৰু সদায়, মোৰ হৃদয়ত চিৰদিনৰ বাবে। ”
BulletsIn
- কংগ্ৰেছ নেতাসকলে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ৩৩ তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
- ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, পি চিদাম্বৰম আৰু শচীন পাইলট বীৰভূমিত বিদেহী নেতাজনৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা সকলৰ ভিতৰত আছিল।
- কংগ্ৰেছৰ সভাপতি খৰ্গে দলৰ এক্স হেণ্ডেলত লিখিছে-একবিংশ শতিকাৰ আধুনিক ভাৰতৰ দূৰদৰ্শী, ভাৰতীয় তথ্য বিপ্লৱৰ জনক, পঞ্চায়তি ৰাজ সৱলীকৰণৰ স্থপতি, শান্তি আৰু সম্প্ৰীতিৰ পথপ্ৰদর্শক প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ শ্বহীদ দিৱসত তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি ।
- ভাৰতক এক সৱল আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত তেওঁৰ উল্লেখনীয় অৱদান সদায় স্মৰণীয় হৈ থাকিব।
- রাহুল গান্ধীয়ে কংগ্ৰেছ এক্স হেণ্ডেলত লিখিছিল, পাপা, আপোনাৰ সপোন, মোৰ সপোন, আপোনাৰ আকাংক্ষা, মোৰ দায়িত্ব।
- আপোনাৰ স্মৃতি, আজি আৰু সদায়, মোৰ হৃদয়ত চিৰদিনৰ বাবে।
