উত্তৰকাশী, ২৯ জুন (হি.স.)। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ যমুনোত্ৰী অঞ্চলৰ চিলাই বেণ্ডৰ সমীপত শনিবাৰে মাজনিশা ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। ইয়াত ৮-৯ জন শ্ৰমিক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষী, প্ৰশাসন, এছডিআৰএফে থিতাতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
প্ৰাপ্ত তথ্যমতে, পুৱা প্ৰায় ৩ বজাত যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পালিগাডৰ পৰা ৪ কিলোমিটাৰ আগত থকা ছিলাই বেণ্ডৰ সমীপত সংঘটিত হয় এক ডাৱৰ বিস্ফোৰণৰ ঘটনা। ইয়াৰ পিছত ৮-৯ জন শ্ৰমিক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। লগতে প্ৰায় ১০ মিটাৰ যমুনোত্ৰী ঘাইপথ পানীৰ ঢলে উটুৱাই লৈ গৈছে।
জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই জনোৱা মতে, চিলাই বেণ্ডৰ ওচৰত এখন হোটেল নিৰ্মাণৰ কাম চলি আছে, যাৰ শ্ৰমিকসকলে ওচৰৰ শিবিৰত বাস কৰিছিল। শিবিৰটোত প্ৰায় ১৯ জন শ্ৰমিক আছিল, ইয়াৰে ৮-৯ জন শ্ৰমিক নিৰুদ্দেশ হৈছে। একে সময়তে উটি অহা গধুৰ ধ্বংসাৱশেষৰ বাবে ছিলাই বেণ্ডৰ সমীপত প্ৰায় ১০ মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ উটুৱাই লৈ গৈছে। জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই জনোৱা মতে, এছডিআৰএফ, এনডিআৰএফ, আৰক্ষীৰ দল ঘটনাস্থলীতে আছে আৰু শ্ৰমিকৰ সন্ধান অব্যাহত আছে। জিলা দণ্ডাধীশে দুৰ্যোগ অভিযান কেন্দ্ৰৰ পৰা নিৰন্তৰ নিৰীক্ষণ কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
