কাংকেৰ/ৰাইপুৰ, ১৯ জুলাই (হি.স.)। ছত্তীশগড় জিলাৰ কাংকেৰৰ অতুৰগাঁৱত যোৱা নিশা প্ৰায় ১ বজাত গাড়ী (ছুইফট ডিজাইৰে) দুৰ্ঘটনাত চাৰিজন যুৱকে প্ৰাণ হেৰুৱাইছে। এই গাড়ীখন মুৰৱাণ্ডৰ পৰা কাংকেৰলৈ গৈ আছিল। ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ এখন দলঙৰ সৈতে হঠাৎ খুন্দা মৰাৰ ফলত গাড়ীখন জুইত জাহ যায়। গাড়ীখনত থকা চাৰিজন যুৱক জীৱিত অৱস্থাত জ্বলি ছাই হয়। দুজন যুৱকৰ অৱস্থা সংকটজনক হৈয়ে আছে।
কাংকেৰ আৰক্ষীৰ এছ ডি অ’ পি মহছিন খানে জনোৱা মতে, আতুৰ গাঁৱৰ সমীপত দলং নিৰ্মাণৰ বাবে পথটো ডাইভাৰ্ট কৰা হৈছে। তীব্ৰ গতিৰ বাবে চালকে গাড়ীখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি দলঙৰ ৰেলিঙত খুন্দা মাৰে। দলঙৰ সৈতে খুন্দা মৰাৰ পিছতে গাড়ীখনত প্ৰচণ্ড অগ্নিকাণ্ড সংঘটিত হয়। দুই যুৱক চিটিকি বাহিৰত পৰে। আনহাতে গাড়ীখনত আবদ্ধ হৈ থকা চাৰিজন যুৱকৰ মৃত্যু হয়।
তেওঁ জনোৱা মতে, দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে স্থানীয় আৰক্ষীৰ দলটোৱে অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰে। লগে লগে জুই নিৰ্বাপিত কৰি মৃতদেহবোৰ উলিয়াই আনে। নিহত দুজন হৈছে যুৱৰাজ ছ’ৰী (২৪), গাড়ী চালক হেমন্ত, দীপক আৰু সুৰজ। আনহাতে প্ৰীতম নেতম আৰু পৃথ্বীৰাজ বেয়াকৈ অগ্নিদগ্ধ হৈছে । গাড়ীখন কাংকেৰৰ শান্তি নগৰৰ প্ৰশান্ত সিনহাৰ বুলি জানিব পৰা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
