নতুন দিল্লী, ১৮ ফেব্ৰুৱাৰী। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনে দেওবাৰে দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰে। সাংবাদিকৰ সৈতে কথা পাতি ছ’ৰেনে এই বৈঠকক সৌজন্যমূলক বুলি অভিহিত কৰে।
উল্লেখযোগ্য যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছ’ৰেনৰ পদত্যাগৰ পিছত চম্পাই ছ’ৰেনৰ নেতৃত্বত ঝাৰখণ্ডত চৰকাৰ গঠন হৈছে। এই চৰকাৰ খনত কংগ্ৰেছ দলো অন্তৰ্ভুক্ত হৈছে। ইফালে নতুন চৰকাৰ গঠনক লৈ কংগ্ৰেছৰ বিধায়ক ক্ষোভিত হোৱাৰ খবৰ আহিছে। এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এয়া কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়।
