ফৰিদাবাদ, ২২ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ গাতে লাগি থকা হাৰিয়ানাৰ ফৰিদাবাদত আজি পুৱা ৬ বজাত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.২ বুলি জুখিছিল। এই তথ্য ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দিছে। চলিত মাহৰ কেইটামান দিন ধৰি ৰাজ্যখনত ধাৰাবাহিকভাৱে ভূতাত্ত্বিক কাৰ্যকলাপ চলি আছে।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি ফৰিদাবাদত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূপৃষ্ঠৰ পৰা পাঁচ কিলোমিটাৰ গভীৰতাত সৃষ্টি হয়। কঁপনি অনুভৱ কৰাৰ লগে লগে ঘৰৰ পৰা ওলাই আহিল লোকসকল। উল্লেখযোগ্য যে যোৱা ১৬ জুলাইৰ পুৱা ১২:৪৬ বজাত হাৰিয়ানাৰ ৰোহটক জিলাত ৩.৩ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল। ভূপৃষ্ঠৰ পৰা ইয়াৰ গভীৰতা আছিল ১০ কিলোমিটাৰ।
আনহাতে যোৱা ১১ জুলাইত ঝজ্জাৰ জিলাত ৩.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন সন্ধিয়া ৭:৪৯ বজাত অনুভূত হয়। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ছাৰা গাঁও। ইয়াৰ গভীৰতা আছিল ১০ কিলোমিটাৰ। ইয়াৰ অক্ষাংশ আছিল ২৮.৬৮ আৰু দ্ৰাঘিমাংশ আছিল ৭৬.৭২। ঝজ্জাৰৰ উপৰিও জিলাখনৰ বেৰী, বাহাদুৰগড়ৰ লগতে ৰোহটক আৰু জিন্দতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।
ইফালে ১০ জুলাইত পুৱা দুই মিনিটৰ ব্যৱধানত ঝজ্জাৰত দুটাকৈ ভূমিকম্প অনুভৱ কৰা হৈছিল। প্ৰথমটো কঁপনি পুৱা ৯:০৪ বজাত আৰু দ্বিতীয়টো পুৱা ৯:০৬ বজাত অনুভৱ কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
