কোকৰাঝাৰ,১৮ ফেব্ৰুৱাৰী। আগন্তুক লোকসভা নিৰ্বাচনকলৈ এবছু ৰ সভাপতি দ্বীপেন বড়োৰ গুৰুত্বপূৰ্ণ মন্ত্যব্য। কোকৰাঝাৰ চহৰৰ এবছু ৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদ মেল সম্বোধন কৰি বড়োৱে কয় যে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোক সভা সমষ্টিৰ প্ৰাৰ্থী জাতীয়তাবাদী চেতনা থকা আৰু বিটিআৰ শান্তি চুক্তি ৰ সম্পূৰ্ণ ৰূপায়ণত কেন্দ্ৰীক হেঁচা দিবলৈ আগ্ৰহী হলেহে তেনে প্ৰাৰ্থীক এবছুৱে সমৰ্থন দিব।
যোৱা গোলাঘাটত অনুষ্ঠিত এবছু ৰ কেন্দ্ৰীয় অধিবেশনত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে এবছুই।গুণোৎসৱৰ সময়ত মাতৃভাষা মাধ্যমৰ বিদ্যালয় বিশেষকৈ অসমীয়া আৰু বড়ো ভাষাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অংক আৰু বিজ্ঞান বিষয়ৰ পৰীক্ষা অসমীয়া-বড়োৰ বিপৰীতে ইংৰাজী ভাষাত দিব লগীয়া হোৱাত ৰাজ্যজুৰি এবছুৰ লগতে বিভিন্ন ছাত্ৰ -সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল৷
তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উক্ত বিষয়টো গুৰুত্ব সহকাৰে লৈ বড়ো,অসমীয়া আৰু বাঙালী আদি মাতৃভাষা মাধ্যমত পুথি ছপা কৰি ইতিমধ্যে বিতৰণ কৰিছে ৷তাৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে৷
দেওবাৰে কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্য্যালয় বডোফা হাউছত আয়োজিত এখন সংবাদ মেলত ছাত্ৰ নেতা গৰাকীয়ে চৰকাৰে বিটিআৰৰ লগতে বড়ো মাধ্যমৰ বিদ্যালয উন্নীতকৰণ,বড়ো মাধ্যমত খালী হৈ থকা শিক্ষা বিষয়া,অনুবাদকৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহ উন্নীত কৰণ কৰা হব বুলি যোৱা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত বৈঠকৰ জৰিয়তে আশ্বাস প্ৰদান কৰিছে বুলি জানিব দিয়ে৷
