মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰিছে। গোপন স্থানৰ পৰা প্ৰতিনিয়ত অবৈধ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। কাংপোকপি জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বিপুল পৰিমাণৰ অস্ত্ৰৰ উদ্ধাৰ কৰা হৈছে। সেয়া বৰ্তমানৰ সুৰক্ষা পৰিস্থিতিৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ উন্নতি বুলি বিবেচিত হৈছে।
BulletsIn
-
মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰিছে।
-
কাংপোকপি জিলাৰ লুংফাও, মাওহিং আৰু মাখম গাৱত অভিযান চলাই।
-
অভিযানত বিপুল পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ গ্ৰেণেড সহ জব্দ হৈছে।
-
জব্দ কৰা অস্ত্ৰৰ ভিতৰত ৩টা এছএলআৰ ৰাইফল, মেগজিনসহ।
-
১টা ইনছাছ ৰাইফল, ১টা পইন্ট ৩০৩ ৰাইফল আৰু ২ টা ১২ ব’ৰ চিংগল বেৰেল গান।
-
১টা বোল্ট একচন ৰাইফল আৰু ১টা পইন্ট ২২ ৰাইফল।
-
১টা দীৰ্ঘ দুৰত্বৰ বিস্ফোৰক মৰ্টাৰ জব্দ কৰা হৈছে।
-
৩ টা পাম্পি বন্দুক, ৪ টা হেণ্ড গ্ৰেণেড আৰু সজীৱ গুলিৰ সংখ্যা যথেষ্ট।
-
থৌবাল আৰু চূৰাচান্দপুৰ জিলাত উগ্ৰপন্থী বিৰোধী অভিযান চলোৱা হৈছে।
-
ইউএনএলএফৰ ২জন আৰু প্ৰিপাক সংগঠনৰ ১জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।
