নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ আলমোৰা জিলাত মঙলবাৰে সংঘটিত হোৱা বাছ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ’) অফিচিয়েল এক্স হেণ্ডেলৰ পৰা প্ৰকাশ পোৱা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হানি হোৱাটো গভীৰ দুখজনক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।
উল্লেখযোগ্য যে মঙলবাৰে পুৱা উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ ভিকিয়াছাইন অঞ্চলৰ চিলাপানীৰ সমীপৰ গভীৰ খাৱৈত বাছ বাগৰি পৰাত ৭ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
