নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। সমকামী বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে। উকীল সন্থাৰ সভাপতি আদিশ আগৰৱালাই কয়, উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক মই আদৰণি জনাইছো। উচ্চতম ন্যায়ালয়ে সমকামী বিবাহৰ অনুমতি দিয়া নাই।
আগৰৱালাই কয় যে ভাৰতীয় সংস্কৃতিৰ ব্যৱস্থাৰ বিৰুদ্ধে একাংশ লোকে কাম কৰিব বিচাৰিছিল। সমকামী বিবাহ ভাৰতত প্ৰচলিত আমাৰ ব্যৱস্থা অনুসৰি নহয়। ভাৰতীয় সংস্কৃতি বেলেগ। আইন প্ৰণয়ন কৰাটো দেশৰ নিৰ্বাচিত সংসদৰ কৰ্তব্য।
উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্তত সমকামী বিবাহক আইনী স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে। বিশেষ বিবাহ আইনৰ বিধান সলনি কৰাৰ প্ৰয়োজন আছে নে নাই সেয়া বিধায়িনী দলৰ কাম বুলি আদালতে প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ/বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ
