ধুবুৰী, ২৪ মাৰ্চ : প্ৰায় এটা দশক পিছত চাপৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি সন্ধিয়াৰ পৰা আৰাম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমানী ক্ৰিকেট টুৰ্নামেন্ট ছিজন-১ । চাপৰ যুৱ সংঘৰ উদ্যোগত আৰু চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপজ্যোতি ইংতিৰ মুখ্য পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় এই টুৰ্নামেন্ট।
খেলখনত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৬ টাকৈ দলে অংশগ্ৰহণ কৰিছে। খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ ড• অশোক কুমাৰ সিংহী লগতে মামনি কোৱৰ ইংতিয়ে। ইয়াৰ উপৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে উদ্ধোধনী কাৰ্যসূচীত। খেলসমূহ উপভোগ কৰিবলৈ হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হয় খেলপথাৰত। উদ্ধোধনী খেলখন অনুষ্ঠিত হয় চাপৰ আৰক্ষী থানা বনাম চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ মাজত।
উল্লেখযোগ্য যে প্ৰতিযোগিতা খনৰ বিজয়ী দলে লাভ কৰিব নগদ ৫০,০০০ টকা লগতে ট্ৰ’ফী আৰু বিজিত দলে লাভ কৰিব নগদ ৩০,০০০ টকা লগতে ট্ৰ’ফী।
