ৱাশ্বিংটন (আমেৰিকা), ০৯ ছেপ্টেম্বৰ (এইচ এছ)। ৰূপাৰ্ট মাৰ্ডক পৰিয়ালত উত্তৰাধিকাৰীত্বৰ সংঘাতৰ অন্ত পৰিছে। আদালতৰ বাহিৰত নিষ্পত্তি কৰিছে পৰিয়ালৰ লোকে। চুক্তি অনুসৰি ৰূপাৰ্টৰ ৰক্ষণশীল পুত্ৰ লাচলান মাৰ্ডকে অনাগত দশকবোৰলৈ পৰিয়ালটোৰ বিশাল সংবাদ মাধ্যমৰ সাম্ৰাজ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। সোমবাৰে এই কথা ঘোষণা কৰে পৰিয়ালটোৱে। এই চুক্তিত স্পষ্ট হৈ পৰিছে যে পিতৃ ৰূপাৰ্টৰ মৃত্যুৰ পিছত লাচলানে ফক্স নিউজ, দ্য নিউয়ৰ্ক পোষ্ট আৰু দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলকে ধৰি সাম্ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান পৰিচালনা কৰিব। চুক্তিখনৰ বিষয়ে অৱগত এজন ব্যক্তিৰ মতে, ইয়াৰ মূল্য ৩.৩ বিলিয়ন ডলাৰ।
দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ৰূপাৰ্ট আৰু লাচলানে একপক্ষীয়ভাৱে পৰিয়ালটোৰ অপ্ৰত্যাহাৰযোগ্য আস্থাৰ চৰ্ত সলনি কৰাৰ পিছত এই চুক্তি কৰা হৈছে। লাচলানৰ ডাঙৰ ভাই-ভনী প্ৰু, লিজ আৰু জেমছে এই চুক্তিত সন্মতি প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত আদালতত এই প্ৰচেষ্টা ব্যৰ্থ হয় যদিও শেষত দুয়োপক্ষক আলোচনাৰ মেজলৈ অনা হয়। এই চুক্তিৰ জৰিয়তে ৯৪ বছৰীয়া ৰূপাৰ্টে বহুদিনৰ পৰা বিচৰা সকলোখিনি পাইছে। তেওঁৰ নিৰ্বাচিত উত্তৰাধিকাৰী লাচলানৰ নেতৃত্বত তেওঁ যেন সুখী।
চুক্তিখনৰ চৰ্ত অনুসৰি লাচলানৰ তিনিজন ডাঙৰ ভাই-ভনীয়ে সাম্ৰাজ্যখনৰ সকলো শ্বেয়াৰৰ বাবে ১১ বিলিয়ন ডলাৰ লাভ কৰিব। এই শ্বেয়াৰসমূহ বৰ্তমান বৰ্তমানৰ ফেমিলি ট্ৰাষ্টত আছে। ট্ৰাষ্ট ভংগ হ’ব। এই চুক্তিৰ অধীনত ৰূপাৰ্ট আৰু লাচলান আৰু তিনিও ভাই-ভনীৰ মাজত ট্ৰাষ্ট সন্দৰ্ভত চলি থকা গোচৰৰ অন্ত পৰিব।
মাৰ্ডক পৰিয়ালে গঠন কৰিব নতুন ট্ৰাষ্ট। ইয়াত লাচলান আৰু তেওঁৰ দুগৰাকী কনিষ্ঠ ভগ্নী গ্ৰেচ আৰু ক্ল’ক অন্তৰ্ভুক্ত কৰা হ’ব। এই ট্ৰাষ্টে মাৰ্ডকৰ দুটা প্ৰধান মিডিয়া কোম্পানী ফক্স কৰ্প’ৰেশ্যন আৰু নিউজ কৰ্প’ৰেশ্যনত নিয়ন্ত্ৰণৰ অংশীদাৰিত্ব লাভ কৰিব। ২০৫০ চনত এই নতুন ট্ৰাষ্টৰ অন্ত পৰিব। পৰিয়ালৰ ট্ৰাষ্টক লৈ হোৱা বিবাদ মাৰ্ডক পৰিয়ালৰ ভিতৰত আৰু বাহিৰত তীব্ৰ আকৰ্ষণৰ বিষয় হৈ আহিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
