কাঠমাণ্ডু, ০৯ ছেপ্টেম্বৰ (হি স)। অৱশেষত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ জেনজী আন্দোলনৰ সন্মুখত চৰকাৰে নতশিৰ কৰিবলগীয়া হ’ল। নিষিদ্ধ ছ’চিয়েল মিডিয়া ছাইটসমূহৰ অধিকাংশই সোমবাৰে মাজনিশা প্ৰায় ১ বজাৰ পৰা পুনৰ কাম আৰম্ভ কৰে। ইফালে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নতুন প্ৰজন্মৰ আৱেগক বুজাবলৈ চৰকাৰে ব্যৰ্থ হোৱা বুলি স্বীকাৰ কৰিছে । অলিয়ে কয় যে কাইলৈৰ পৰা কোনো জেন জি ৰাস্তালৈ অহাৰ প্ৰয়োজন নাই। ইফালে আন্দোলনত নিহত হোৱা ছাত্ৰ-ছাত্ৰীৰ স্মৃতিত শিক্ষানুষ্ঠানসমূহত দুদিনীয়া শোক ঘোষণা কৰা হৈছে।
আন্দোলনত ভয় খাই চৰকাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়া চাইট চলাবলৈ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী কোম্পানীক মৌখিক তথ্য দিছিল। ইয়াৰ কিছু সময়ৰ পিছতে নেপালত ফেচবুক, ফেচবুক মেচেঞ্জাৰ, হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু ইউটিউব আদিয়ে কাম আৰম্ভ কৰে। কিন্তু চৰকাৰে এই নিষেধাজ্ঞা উঠাই লোৱাৰ কথা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷ চৰকাৰৰ মুখপাত্ৰ, তথ্য আৰু যোগাযোগ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয় যে মঙলবাৰৰ পৰা এই নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ হ’ব। খবৰ অনুসৰি ছ’চিয়েল মিডিয়াত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ মন্ত্ৰালয়ে সকলো আই এছ পিক মৌখিক নিৰ্দেশনা দিছিল।
মাজনিশা অলিয়ে প্ৰতিবাদকাৰীক আহ্বান জনায়। তেওঁ কয় যে কাইলৈৰ পৰা কোনো ব্যক্তিয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ বাটলৈ অহাৰ প্ৰয়োজন নাই। তেওঁ স্বীকাৰ কৰে যে চৰকাৰে নতুন প্ৰজন্মৰ আৱেগ বুজিব নোৱাৰিলে। অলিয়ে কয় যে প্ৰতিবাদকাৰীৰ অনুপ্ৰৱেশৰ ফলত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। কাঠমাণ্ডুকে ধৰি সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ কয় যে ছ’চিয়েল মিডিয়া চাইটত জাৰি কৰা নিষেধাজ্ঞাৰ কাৰণ আমি বুজাবলৈ ব্যৰ্থ হ’লোঁ।
প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ উদ্দেশ্য কেতিয়াও ছ’চিয়েল মিডিয়াত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা বা সম্পূৰ্ণৰূপে বন্ধ কৰা নাছিল। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্তৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। ইফালে এন এম এ, এপেন, হিছান, নেশ্যনেল পেবছন আৰু পেবছনে এক প্ৰেছ বিজ্ঞপ্তিযোগে এক যৌথ বিবৃতিত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি ০৯ আৰু ১০ ছেপ্টেম্বৰত বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰে। এই সংগঠনসমূহে দুদিনৰ শোক ঘোষণা কৰিছে। এই যৌথ বিবৃতিত স্বাক্ষৰ কৰিছে এন এম এৰ সভাপতি পবিত্ৰ লিম্বু, এপেনৰ সভাপতি বদ্ৰী দাহাল, হিছানৰ ভাৰপ্ৰাপ্ত সভাপতি যুবৰাজ শৰ্মা, ৰাষ্ট্ৰীয় পেবচনৰ সভাপতি সুভাষ নেউপানে আৰু পেবচনৰ সভাপতি কৃষ্ণ প্ৰসাদ অধিকাৰীয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ
