নতুন দিল্লী, ১৭ ছেপ্টেম্বৰ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৭ ছেপ্টেম্বৰৰ জন্মদিনত মধ্যপ্ৰদেশৰ ধাৰ জিলাত ‘স্বস্থ্য নাৰী সশক্ত পৰিয়াল’ আৰু ‘অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহ’ অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি আজিৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ দেশৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি), জিলা চিকিৎসালয় আৰু অন্যান্য চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত এই অভিযান আয়োজন কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি এক লাখৰো অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব, যাৰ ফলত ই হৈ পৰিছে দেশৰ মহিলা আৰু শিশুৰ বাবে এতিয়ালৈকে সৰ্ববৃহৎ স্বাস্থ্য অভিযান। সমগ্ৰ দেশৰ সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত প্ৰতিদিনে আয়োজন কৰা হ’ব স্বাস্থ্য শিবিৰ। প্ৰধানমন্ত্ৰী মোদীয়ে এই উপলক্ষে আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও পদক্ষেপৰ শুভাৰম্ভ কৰাৰ লগতে সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে এটা ক্লিকতে পোনপটীয়াকৈ দেশৰ যোগ্য মহিলাৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিব। ইয়াৰ দ্বাৰা দেশৰ প্ৰায় দহ লাখ মহিলা উপকৃত হ’ব।
মাতৃ আৰু শিশুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব সুমন সখী চেটবট। এই চেটবটে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ গৰ্ভৱতী মহিলাসকলক সময়োপযোগী আৰু সঠিক তথ্য প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকৰ অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ সুবিধা নিশ্চিত হ’ব।
ছিকেল চেল এনিমিয়াৰ বিৰুদ্ধে দেশৰ সামূহিক যুঁজখন আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে এক কোটি ছিকেল চেল স্ক্ৰীনিং আৰু কাউন্সেলিং কাৰ্ড বিতৰণ কৰিব।
আদি কৰ্মযোগী অভিযানৰ অধীনত মধ্যপ্ৰদেশৰ বাবে ‘আদি সেৱা পৰ্ব’ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ই জনজাতীয় গৌৰৱ আৰু জাতি গঠনৰ মনোভাৱৰ সংগমৰ প্ৰতীক হ’ব। প্ৰধানমন্ত্ৰীয়ে ধৰত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান উদ্বোধন কৰিব। ২১৫০ একৰতকৈও অধিক এলেকাত বিস্তৃত এই উদ্যানখনত বিশ্বমানৰ সুবিধা থাকিব। ইয়াৰ ভিতৰত কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট, ছ’লাৰ পাৱাৰ প্লাণ্ট, মডাৰ্ণ ৰোড আদি অন্যতম, যাৰ ফলত ই এক আদৰ্শ ঔদ্যোগিক চহৰ। ইয়াৰ উপৰিও অঞ্চলটোৰ কপাহ খেতিয়কসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উন্নত মূল্য প্ৰদান কৰি তেওঁলোকৰ আয় বৃদ্ধি কৰি যথেষ্ট লাভৱান হ’ব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি মধ্যপ্ৰদেশ ৰাজ্যৰ ‘মাতৃৰ নামত এখনি বাগিচা’ পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা আত্মসহায়ক গোটৰ এগৰাকী হিতাধিকাৰীক গছপুলি উপহাৰ দিব। মধ্যপ্ৰদেশত ১০ হাজাৰৰো অধিক মহিলাই উন্নয়ন কৰিব ‘মাতৃ বাগিছায’। গছ-গছনিৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ মহিলা গোটসমূহক প্ৰয়োজনীয় সকলো সম্পদৰ ব্যৱস্থাও কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
