হাফলং, ১২ জানুৱাৰী (হি.স.)। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে সংখ্যাগৰিষ্ঠতাৰ পথত অগ্ৰসৰ হৈছে। ২৮ খন আসনৰ পৰিষদত, বিজেপিয়ে ১৬ খন আসন লাভ কৰিছে আৰু একক সংখ্যাগৰিষ্ঠতাৰ পথত আছে। ২৮ জনীয়া উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ যাদুকৰী সংখ্যা হৈছে ১৫।
উত্তৰ কাছাৰ পাহাৰস্বায়ত্তশাসিত পৰিষদৰ ২৮ খন আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে পূব মাইবাং, পশ্চিম মাইবাং, হাজাদিচা, গুনজং, হামৰি আৰু হাৰাংগাজাও সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছিল। ফলস্বৰূপে, পৰিষদৰ এই ৬ খন আসনৰ বাহিৰে ২২ টা কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল।
কঠোৰ নিৰাপত্তাৰ মাজত হাফলং ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৮ বজাত ভোটগণনা আৰম্ভ হৈছিল। ভোট গণনা আৰম্ভ হোৱাৰ পিছৰে পৰা বিজেপি আগবাঢ়ি আছে। হাফলং, জাতিঙ্গা, বাৰাইলত, মহুৰ, লাংটিং, ৱাজাও, দাওতুহাজা, জিনাম, লাইচাং আৰু হুংৰুম, বিজেপি প্ৰাৰ্থী ধনপিনন থাওচেন, ফ্লেমিং ৰুপোশি চাইলা, গুলমিনলাল লিয়েন্থাং, প্ৰবিতা জোহৰি, ধৃতি থাওসেন, বিশ্বজিৎ দৌলাগাপু, প্ৰনাথ ৰাজিয়ুং, জোছমথাং মাৰ, পাওদামিং, নৃয়ামে, নহা দাইমে জয়ী হৈছিল।
হাফলঙত বিজেপিৰ ধনপিনন থাওছেনে তৃণমূল কংগ্ৰেছৰ এচিং জেমীক ৩,২১১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জাতিঙ্গাত বিজেপি প্ৰাৰ্থী ফ্লেমিং চাইলা ৰুপোছিয়ে মাত্ৰ ৩২ টা ভোটৰ ব্যৱধানত জয়ী হয়। ইফালে, কালাচান্দ সমষ্টিৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই। ৰিটাৰ্ণিং বিষয়া সীমান্ত কুমাৰ দাসে কালাচান্দ সমষ্টিৰ ফলাফল ৰখাই থৈছে কিয়নো ভোটৰ সংখ্যাতকৈ বেলট পেপাৰৰ সংখ্যা বেছি পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ/নিৰূপম/আলোক/মনোজ
