কলকাতা, ১৬ অক্টোবৰ (হি.স.)। পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি.ভি. আনন্দ বসুৱে দুৰ্গাপুৰত এগৰাকী দলিত ছাত্ৰক দলবদ্ধ ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এক বিশদ প্ৰতিবেদন দাখিল কৰিছে। বৃহস্পতিবাৰে পুৱা ৰাজভৱনৰ এগৰাকী বিষয়াই এই কথা নিশ্চিত কৰে।
ৰাজভৱনৰ এইগৰাকী বিষয়াৰ মতে, ৰাজ্যপালৰ দুৰ্গাপুৰ ভ্ৰমণৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে, য’ত তেওঁ ভুক্তভোগীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে। বুধবাৰে কলকাতাৰ এক বাণিজ্যিক অনুষ্ঠানত ৰাজ্যপাল বসুৱে মহিলাৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, দুৰ্গাপুৰ কাণ্ড শেহতীয়াকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অন্যতম কাণ্ড। এতিয়া পশ্চিম বংগ মহিলাৰ বাবে নিৰাপদ ৰাজ্য বুলি কোৱাটো টান।
যোৱা ১০ অক্টোবৰৰ নিশা দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ওড়িশাৰ ছাত্ৰী এগৰাকী পুৰুষ সংগীৰ সৈতে বাহিৰত থকা অৱস্থাত দলবদ্ধ ধৰ্ষণৰ বলি হয়।
এই গোচৰৰ সৈতে জড়িত এতিয়ালৈকে আৰক্ষীয়ে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে, আৰু সকলোৱে ন্যায়িক জিম্মাত আছে। এই ঘটনাক লৈও চৰকাৰক সমালোচনা কৰে ৰাজ্যপালগৰাকীয়ে। তেওঁ কয়, আমি যি দেখিছো সেয়া কেৱল আইচবাৰ্গৰ ডগাহে। ইয়াৰ তলত আছে ব্যৱস্থাটো চলোৱাৰ বাবে দায়বদ্ধ প্ৰশাসনৰ অযোগ্যতা।
ৰাজ্যৰ আৰক্ষী প্ৰশাসনকো প্ৰশ্ন উত্থাপন কৰে। বসুৱে কয়, ৰাজ্যত আইন-শৃংখলা বজাই ৰখাটো আৰক্ষীৰ প্ৰধান দায়িত্ব। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে নিজৰ ভূমিকা সঠিকভাৱে পালন কৰিছে বুলি কোৱাটো কঠিন। বংগ এখন ‘দুৰ্বল ৰাজ্য’ত পৰিণত হৈছে, য’ত আইন সঠিকভাৱে বলবৎ আৰু কাৰ্যক্ষম কৰা হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
