


বলৰামপুৰ, ০৩ ছেপ্টেম্বৰ (হি.স.)। ছত্তীশগড় জিলাৰ বলৰামপুৰৰ গ্ৰাম পঞ্চায়ত বিশ্ৰামনগৰৰ প্ৰায় ৪০ বছৰীয়া লুটি মথাউৰি যোৱা নিশা হঠাতে ভাঙি যায়। যাৰ বাবে গভীৰ নিশা তলৰ অংশত হঠাতে বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। গাঁওখনত প্ৰচণ্ড ধ্বংসলীলা সংঘটিত হয়। এই দুৰ্ঘটনাত বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। গাঁওবাসীৰ তথ্যত জিলা আৰক্ষী, প্ৰশাসন আৰু এন ডি আৰ এফৰ দলে থিতাতে সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰিছে।
চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ, তিনিজন নিৰুদ্দেশ
আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মথাউৰিটোৰ তলৰ অঞ্চলত বাস কৰা ৭ জন লোকক উটুৱাই লৈ যায়। য’ত একেটা পৰিয়ালৰ ৬ জন লোক আছিল। গভীৰ নিশা আৰক্ষী আৰু এন ডি আৰ এফৰ দলে উদ্ধাৰ কৰিছে দুটা মৃতদেহ। বুধবাৰে পুৱা আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত আছে বটাছৈয়া (৬২ বছৰীয়া মহিলা), চিন্তা (৩৫ বছৰীয়া মহিলা), ৰাজান্তি (২৫ বছৰীয়া মহিলা) আৰু এটা নাবালক শিশু। আৰক্ষীৰ মতে, দুৰ্ঘটনাটোত এই পৰ্যন্ত চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আৰু তিনিজন লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
