

ধাৰ, ১৭ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অৰ্থাৎ তেওঁৰ জন্মদিনত মধ্যপ্ৰদেশৰ ঐতিহাসিক ঔদ্যোগিক উন্নয়ন আৰু কৃষি সমৃদ্ধিৰ উদ্বোধন কৰে। বুধবাৰে পুৱা বিশেষ বিমানেৰে ইন্দোৰত উপস্থিত হয়। ইয়াৰ পিছতে তেওঁ হেলিকপ্টাৰেৰে ধাৰ জিলাৰ ভাইন্সোলাস্থিত সভাস্থলীলৈ যাত্ৰা কৰে।
সভাস্থলীত প্ৰধানমন্ত্ৰী মোদীয়ে এখন মুকলি জীপত উঠি ৰাইজৰ মাজেৰে গৈ মঞ্চত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড° মোহন যাদৱ, বিজেপিৰ ৰাজ্যিক সভাপতি হেমন্ত খাণ্ডেলৱাল, আৰু ধাৰৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াও উপস্থিত থাকে
স্বাস্থ্য কেন্দ্ৰৰ প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে আজি তেওঁৰ জন্মদিনত সেৱা পখোৱাডা (সেৱা পষেক)ৰো শুভাৰম্ভ কৰিব। ধৰৰ বদনাৱাৰস্থিত সভাস্থলীত অনুষ্ঠিত হোৱা স্বাস্থ্য কেন্দ্ৰৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
