গুৱাহাটী, ৩০ অক্টোবৰ (হি.স.)। অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন সোমবাৰে অনুষ্ঠিত হৈ যায়।এই সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিছাপে উপস্থিত থাকে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়।
বিশ্ববিদ্যালয়ৰ আচাৰ্য ড. একেপানছাৰীয়ে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ পৰিদৰ্শক গোলাব চান্দ কাটাৰিয়াৰ অনুমতিৰ পাছতেই সমাৱৰ্তন সমাৰোহ উদ্বোধন কৰে। সমাৱৰ্তন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মা।
উপ ৰাষ্ট্ৰপতিয়ে মূলভাষণ আগবঢ়াই কয় যে তেওঁ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ অন্ত:গাথঁনি দেখি অভিভূত হৈ পৰিছে আৰু লগতে তেওঁ উল্লেখ কৰে যে এই বিশ্ববিদ্যালয়খন ভৱিষ্যতে বহু আগুৱাই যাব আৰু এক নতুন দিগন্তৰ সূচনা কৰিব। উপৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষভাবে ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভৱিষ্যতে ছাত্র ছাত্ৰীসকলক বিশ্ববিদ্যালয় প্ৰত্যয় বিদান আগবঢ়াই যাবলৈ আহ্বান জনায়। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্রীয় শিক্ষানীতি সফলতাৰে ৰূপায়ন কৰিবলৈ আহ্বান জনায়। আৰু ভাষণ প্ৰসংগত চন্দ্ৰয়ান-৩ ৰ সফলতাৰ বাবে বিজ্ঞানী সকলক উচ্চপ্ৰশংসা কৰে।
বিশ্ববিদ্যালয়খনৰ তৃতীয় সমাৱৰ্তনত মুঠ ১১৯৭ গৰাকী উত্তীৰ্ণ ছাত্ৰছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়। ইয়াৰ লগতে ৪২ টা স্বৰ্ণ, ৪৫ টা ৰূপৰ পদক, লগতে ৪ গৰাকীক প্ৰদান কৰা হয় ছালভাৰ সন্মান। শৈক্ষিক লগতে অন্যান্য দিশসমূহত দেখুৱা পাৰদৰ্শিতাৰ বাবে আচাৰ্যৰ বিশেষ স্বৰ্ণপদক এই বেলি লাভ কৰিছে স্নাতক ছাত্র ছাত্ৰীসকলৰ পৰা ৰুদ্ৰানী গাৰ্গ আৰু স্নাতকোত্তৰ ছাত্ৰীছাত্ৰীসকলৰ পৰাদিশা চৌধুৰীয়ে।
সমাৱৰ্তন সমাৰোহত আৰম্ভণিতে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এছপিসিংয়ে বছৰটোৰ বিশ্ববিদ্যালয়খনৰ বিকাশৰ এক সামগ্ৰিক প্ৰতিবেদন পাঠকৰে।
সমাৱৰ্তন সমাৰোহত ভাষণ আগবঢ়ায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সমাৱৰ্তন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ দীঘলীয়া সাধনাৰ উচ্চতম বিন্দু। তেওঁ লগতে উপৰাষ্ট্ৰপতি গৰাকীক যুৱ শক্তিক আৰু অধিক শক্তি শালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে উল্লেখ কৰে যে কেৱল জ্ঞানেই এখন দেশ আৰু অধিক সমৃদ্ধ শীল হোৱাৰ মূল কাৰক।লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সফলতা হৈছে আধ্যাত্মিকতা আৰু দৰিদ্ৰ প্ৰতি সহমৰ্মিতাৰ সংমিশ্ৰণ।
ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ছাত্র ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অধ্যাপকসকলক তেওঁলোকৰ অৱদানৰ বাবে উচ্চপ্ৰশংসা কৰে। শক্তিশালী মানৱ সম্পদ গঢ়াত ৰয়েল গ্ৰ’বেল বিশ্ববিদ্যালয়ৰ লগতে আচাৰ্য ডঃএকে পানছাৰীক প্ৰশংসা কৰে। এওঁ শক্তিশালী মানৱ সম্পদে দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁলোকে ভাৰতক বিশ্ব গুৰুৰ স্থানত পুনৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডঃৰনোজ পেগু,,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লছা ,মুখ্য সচিব পৱন বৰঠাকুৰ।
সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃএকে পানছাৰীয়ে উত্তীৰ্ণ ছাত্র ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি ব্যক্ত কৰে যে এতিয়াহে তেওঁলোকৰ প্রকৃত যাত্ৰাৰ আৰম্ভনি হৈছে। তেওঁ লগতে উল্লেখ কৰে যে এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ত উপ ৰাষ্ট্ৰপতিৰ উপস্থিতিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানৰ সমতাৰ গুৰুত্বৰ ইংগিত বহন কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত সমতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
