–ভাৰতে এতিয়া পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিৰ গৱেষণা আৰু প্ৰসাৰৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে: সোণোৱাল
নতুন দিল্লী, ০৭ ফেব্ৰুৱাৰী। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিল্লীত ৰাষ্ট্ৰীয় ভাৰতীয় ঔষধ প্ৰণালী আয়োগৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। নতুন কাৰ্যালয়টো মহাসন্মিলন কমপ্লেক্সৰ ভিতৰত ‘পদ্মভূষণ বৈদ্যদেৱেন্দ্ৰত্ৰিগুণ সদন’ত স্থাপন কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ভাৰতে এতিয়া পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিৰ গৱেষণা আৰু প্ৰসাৰৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে।
পৰম্পৰাগত ঔষধৰ সমৃদ্ধ ঐতিহ্যই দেশখনক এক স্বাস্থ্যৱান আৰু সুখী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমি নিৰন্তৰ চেষ্টা কৰি আছোঁ। মহাসন্মিলন কমপ্লেক্সৰ ভিতৰত এই নতুন ভৱনৰ সম্প্ৰসাৰণৰ সৈতে আয়ুষ প্ৰণালীৰ প্ৰসাৰে অধিক উৎসাহ লাভ কৰিব। আমি এই মহাসন্মিলন কমপ্লেক্সটো আন্তঃৰাষ্ট্ৰীয় মানৰ হিচাপত বিকশিত কৰি আছোঁ। আনহাতে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালকৈ আয়ুষ প্ৰণালীকো একত্ৰিত কৰি শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে আমি নিৰৱচ্ছিন্ন প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ। আমি নিশ্চিত যে আয়ুষ প্ৰণালী দেশৰ স্বাস্থ্যসেৱা খণ্ডত এক মুখ্য শক্তি হ’ব য’ত স্বাস্থ্যসেৱা সমাধানৰ একবিস্তৃত পৰিসৰ থাকিব।
অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰ ভাই কালুভাই মুঞ্জাপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্যৰাজেশকোটেচা, অখিল ভাৰতীয় আয়ুৰ্বেদ মহাসন্মিলন ন্যাসৰ অধ্যক্ষ পদ্মভূষণ বৈদ্যদেৱেন্দ্ৰত্ৰিগুণা, ৰাষ্ট্ৰীয় ভাৰতীয় ঔষধ প্ৰণালী আয়োগৰ অধ্যক্ষ বৈদ্যজয়ন্ত দেৱপূজাৰী প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয়ৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
