শিৱসাগৰ, ৩০অক্টোবৰ (হি.স.)।বৰশীৰে মাছধৰাৰ প্ৰতি আগ্ৰহী সকলৰ বাবে এটা ভাল খবৰ। কিয়নো এতিয়া আপুনি বৰশীৰে মাছ ধৰিলেই হব পাৰিব লাখপতি। আপুনি ঠিকেই শুনিছে। শিৱসাগৰ জিলাৰ নামতিৰ ৰজাবাৰীত আয়োজন কৰা হৈছে বৰশীৰে মাছধৰা প্ৰতিযোগিতা।
নামতিৰ ৰজাবাৰী কৃষক সংস্থাৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অহা ১২ নৱেম্বৰত অৰ্থাৎ দেৱালীৰ দিনা ৰজাবাৰীস্থিত ফুকন ফাৰ্ম হাউছত অনুষ্ঠিত হব এই বৰশীৰে মাছধৰা প্ৰতিযোগিতা। মুঠ ৩৫ টা পুৰস্কাৰ ঘোষণা কৰা প্ৰতিযোগিতা খনত উদ্যোক্তা সকলে ৬০০(ছয় শ)জন প্ৰতিযোগীৰ অংশ গ্ৰহণৰ ব্যৱস্থা কৰিছে। বৰশীৰে মাছধৰাৰ প্ৰতিযোগিতা খনত প্ৰথম পুৰস্কাৰ দুই লাখ টকা, দ্বিতীয় পুৰস্কাৰ এক লাখ টকা, তৃতীয় পুৰস্কাৰ পঞ্চাছ হাজাৰ টকা, চতুৰ্থ পুৰস্কাৰ ত্ৰিশ হাজাৰ টকা, পঞ্চম পুৰস্কাৰ বিশ হাজাৰ টকাৰ লগতে ১০ জনক দহ হাজাৰ আৰু ২০ জনক পাঁচ হাজাৰ টকাকৈ মুঠ ৬ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব বুলি উদ্যোক্তা সকলে জনাইছে।
তেন্তে পলম কিয়, যদি আপুনি বৰশীৰে মাছ ধৰাৰ খুবেই আগ্ৰহী তেনেহলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অহা ৭ (সাত) নৱেম্বৰৰ ভিতৰত ৭০০২০৩২৬৫৩, ৯৬৭৮৮৯৬০১১ অথবা ৮৮১১৯৮৫০০৭ নম্বৰত যোগাযোগ কৰিব পাৰিব। ইফালে উদ্যোক্তা সকলে জনোৱা মতে, এই বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগীক একোটিকৈ সাঁচি গছৰ পুলিৰে আদৰণি জনোৱাৰ লগতে আপ্যায়নৰ ব্যৱস্থা কৰিছে।
হিন্দুস্থান সমাচাৰ /কিশোৰ/ৰমেন/আলোক.
