লক্ষ্ণৌ, ২৬ আগষ্ট (হি.স.)। বিৰোধী পক্ষৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী মঙলবাৰে লক্ষ্ণৌত উপস্থিত হয় । লক্ষ্ণৌ বিমানবন্দৰত তেওঁক কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ কৰ্মীসকলে এক উষ্ম আদৰণি জনায়।
এই উপলক্ষে কংগ্ৰেছ পাৰ্টিৰ ৰাজ্যিক সভাপতি অজয় ৰায়, জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীৰ লগতে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ অন্যান্য নেতাসকল উপস্থিত থাকে। তেওঁ কংগ্ৰেছ দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত জনপ্ৰতিনিধিক সাক্ষাৎ কৰি সমৰ্থন সংগ্ৰহ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
