ৱাশ্বিংটন (আমেৰিকা), ২৬ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল ৰিজাৰ্ভ ব’ৰ্ডৰ গৱৰ্ণৰ লিজা কুকক সোমবাৰে বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে। সুতৰ হাৰ কমাবলৈ অস্বীকাৰ কৰাৰ বাবে আমেৰিকাৰ কেন্দ্ৰীয় বেংকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ এক অভূতপূৰ্ব পদক্ষেপ বুলি বিবেচিত হৈছে। ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰা চাকৰিৰ পৰা বৰ্খাস্ত কৰা পত্ৰখনত ট্ৰাম্পে ফেডাৰেল হাউছিং ফাইনেন্স এজেন্সীৰ সঞ্চালক বিল পুল্টৰ অভিযোগৰ উদ্ধৃতি দি কয় যে লিজা কুক গৃহ ঋণৰ আবেদনত ভুৱা বক্তব্য দিছিল।
এই বিকাশৰ বিষয়ে চিএনবিচিৰ বাতৰিত বিতংভাৱে আলোচনা কৰা হৈছে। খবৰ অনুসৰি এই পত্ৰখন ন্যায় বিভাগে পুল্টৰ দাবীৰ বাবে কুকক তদন্ত কৰি আছে বুলি কোৱাৰ চাৰিদিন পিছত আহিছে। সোমবাৰে কুক এক বিবৃতিত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে মোক ‘কাৰণ সাপেক্ষে’ বৰ্খাস্ত কৰাৰ দাবী কৰিছে, আনহাতে আইনৰ অধীনত কোনো কাৰণ নাই আৰু তেওঁৰ তেনে কৰাৰ কোনো কৰ্তৃত্ব নাই।’ ফেডাৰেল ৰিজাৰ্ভৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা কুকে কয় যে, মই পদত্যাগ নকৰো। ২০২২ চনৰ পৰা আমেৰিকাৰ অৰ্থনীতিক সহায় কৰাৰ বাবে মই মোৰ কৰ্তব্য পালন কৰি যাম।
কুকক নিযুক্তি দিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে। আদালতত তেওঁক প্ৰতিনিধিত্ব কৰিবলৈ উচ্চ পদস্থ অধিবক্তা এবে লৱেলক নিযুক্তি দিছে। অধিবক্তা লৱেলে এক বিবৃতিত কয় যে, “ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰবাৰ ‘আক্ৰমণ’ৰ বাবে ছ’চিয়েল মিডিয়াৰ আশ্ৰয় লৈছে আৰু আকৌ এবাৰ তেওঁৰ ভাবুকিমূলক সঁহাৰি ত্ৰুটিপূৰ্ণ আৰু তেওঁৰ দাবীত কোনো ধৰণৰ যথাযথ প্ৰক্ৰিয়া, ভিত্তি বা আইনী কৰ্তৃত্বৰ অভাৱ।” লৱেলে কয় যে ৰাষ্ট্ৰপতিৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিম। ট্ৰাম্পৰ এই পত্ৰ সন্দৰ্ভত ফেডাৰেল ৰিজাৰ্ভৰ এগৰাকী মুখপাত্ৰই ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। বিশেষজ্ঞসকলে কয় যে তেওঁৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো বৈধ নে নহয় সেই সন্দৰ্ভত অৱশেষত উচ্চতম ন্যায়ালয়ে ৰায় দিব পাৰে। এই সিদ্ধান্ত থাকিলে ট্ৰাম্পে ফেড ব’ৰ্ড পুনৰ গঠন কৰিব পাৰে।
সোমবাৰে নিশা চিনেটৰ এলিজাবেথ ৱাৰেনে (ডেম’ক্ৰেটিক-মেছাচুচেটছ) এক বিবৃতিত কয় যে, “লিজা কুকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ অবৈধ প্ৰচেষ্টাটোৱেই হৈছে আমেৰিকানসকলৰ বাবে খৰচ হ্ৰাস কৰাত নিজৰ ব্যৰ্থতাক লুকুৱাবলৈ বলিদানৰ ছাগলী বিচৰা এজন হতাশগ্ৰস্ত ৰাষ্ট্ৰপতিৰ শেহতীয়া উদাহৰণ।” ছিনেটৰ বেংকিং, হাউছিং এণ্ড আৰ্বান এফেয়াৰ্ছ কমিটীৰ জ্যেষ্ঠ সদস্য ৱাৰেনে কয় যে এইটো ফেডাৰেল ৰিজাৰ্ভ আইনৰ স্পষ্ট উলংঘা আৰু আদালতত ইয়াক বাতিল কৰা উচিত।
বিত্তীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান ৰেমণ্ড জেমছৰ পৰিচালন সঞ্চালক এডৱাৰ্ড মিলছে কয় যে ট্ৰাম্পে কুকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পদক্ষেপ “কেন্দ্ৰীয় বেংকৰ স্বাধীনতাৰ বাবে এক অভূতপূৰ্ব মুহূৰ্ত, যিয়ে মুদ্ৰানীতিৰ সিদ্ধান্তক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাৰ বাবে হোৱাইট হাউছৰ ক্ৰমবৰ্ধমান অভিযানৰ সংকেত দিয়ে”। মিলছে কয় যে, “বজাৰসমূহে ফেডৰ স্বাধীনতাৰ ওপৰত কৰা এই আক্ৰমণক নেতিবাচকভাৱে চাব পাৰে, যাৰ ফলত ভৱিষ্যতৰ নীতিগত দিশৰ বিষয়ে অনিশ্চয়তা বৃদ্ধি পাব।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
