নতুন দিল্লী, ১০ জুলাই (হি.স.)। আজি পুৱা ৯:০৪ বজাত হাৰিয়ানাৰ ঝজ্জাৰ জিলাত হোৱা ভূমিকম্পৰ ফলত আতংক বিয়পি পৰে। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৪ বুলি ৰেকৰ্ড কৰা হৈছে। এই সময়ছোৱাত দিল্লী, নয়ডা, গুৰুগ্ৰাম, ফৰিদাবাদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলতো ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ কৰা হয়। এই তথ্য ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দিছে।
কেন্দ্ৰটোৰ মতে, ঝজ্জাৰত পুৱা ৯:০৪ বজাত ১০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হয় এই ভূমিকম্প। ইয়াৰ পূৰ্বে ১৭ ফেব্ৰুৱাৰীত দিল্লী-এনচিআৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.০ ৰেকৰ্ড কৰা হৈছিল। দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াসকলৰ মতে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীক ভূমিকম্পীয় জ’ন চতুৰ্থ শ্ৰেণীভুক্ত কৰা হৈছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
