নতুন দিল্লী, ১৮ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকাশ ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক সম্বোধন কৰিব।
বুধবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই তথ্য প্ৰদান কৰি এক বিবৃতি প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে সমগ্ৰ দেশৰ পৰা বিকাশ ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
২০২৩ চনৰ ১৫ নৱেম্বৰত বিকাশ ভাৰত সংকল্প যাত্ৰা আৰম্ভ হোৱাৰ পিছৰে পৰা দেশজুৰি এই যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে নিয়মীয়াকৈ মত বিনিময় কৰি আহিছে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পাঁচবাৰ (৩০ নৱেম্বৰ, ৯ ডিছেম্বৰ, ১৬ ডিছেম্বৰ, ২৭ ডিছেম্বৰ আৰু ৮ জানুৱাৰী) আলোচনা হৈছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত বাৰাণসী ভ্ৰমণৰ সময়ত বিকাশ ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে একেৰাহে দুদিন (১৭-১৮ ডিছেম্বৰ) মুখামুখিকৈ মত বিনিময় কৰিছিল।
চৰকাৰৰ মূল আঁচনিসমূহ অন্তিমজন ব্যক্তিৰ ওচৰলৈ উপলদ্ধ সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা চলোৱা হৈছে যাতে এই আঁচনিসমূহৰ সুবিধাসমূহ যাতে সকলো লক্ষ্য হিতাধিকাৰীৰ ওচৰলৈ সময় নিৰ্ধাৰিতভাৱে পোৱা যায়।
বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যাই ১৫ কোটি অতিক্ৰম কৰিলে। এই যাত্ৰাই তৃণমূল পৰ্যায়ত গভীৰ প্ৰভাৱ সৃষ্টি কৰি, সমগ্ৰ দেশৰ মানুহক এক উন্নত ভাৰতৰ এক ভাগ-বতৰা দৃষ্টিভংগীৰ প্ৰতি একত্ৰিত কৰাৰ সফলতাৰ প্ৰমাণ।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
