
ধেমাজি, ০৩ ডিছেম্বৰ (হি.স.)। ধেমাজিৰ চমকং পঞ্চায়তৰ লম্বা মিচিং গাঁৱত যোৱাকালি নিশা প্ৰায় ১১ মান বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে লম্বা মিচিং গাঁৱৰ বানেশ্বৰ কুটুম নামৰ লোকজনৰ ঘৰত জুইৰ সূত্ৰপাত হয়। ফলত একেটা পৰিয়ালৰ দুটাকৈ বাসগৃহ সম্পূর্ণ জ্বলি ছাই হয়।
এই অগ্নিকাণ্ডত এজন যুৱক অগ্নিদগ্ধ হৈ আঘাতপ্ৰাপ্ত হয়। তদুপৰি লক্ষাধিক টকাৰ সা-সম্পতি জ্বলি ছাই হোৱাৰ অনুমান কৰা হৈছে। পিছত স্থানীয় লোকে বহু কষ্ট কৰি জুই নোমোৱাবলৈ সক্ষম হয়। জুইৰ সূত্ৰপাত কিহৰ পৰা হ’ল সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই।
স্থানীয় ৰাইজে পৰিয়ালটোক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
