নতুন দিল্লী, ২৮ ডিছেম্বৰ (হি।শ।)। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৭০২ জন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ইয়াৰ ফলত ৬ জন ৰোগীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত ৪১৫০ জন সক্ৰিয় ৰোগী আছে। বিগত ২৪ ঘন্টাত ৬৯২ জন ৰোগী সুস্থ হৈ উঠিছে কৰ’নাৰ পৰা।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দিল্লীত নতুনকৈ ৯ জন ক’ৰ’না আক্ৰান্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে। কেৰালাত নতুনকৈ ৩৫৮জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে। গোৱাত নতুনকৈ আক্ৰান্ত হৈছে ১৬ জন।
হিন্দুস্থান সমাচাৰ / বিজয়লক্ষ্মী/মনোজ
