নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে তিৰুৱল্লুবৰ দিৱসত সন্ত তিৰুৱল্লুৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এক্স-প’ষ্টত কয় যে আজি আমি তিৰুৱল্লুৱৰ দিৱস উদযাপন কৰোঁ, মহান তামিল সাধু জনৰ তিৰুক্কুৰলৰ গভীৰ জ্ঞানে আমাক জীৱনৰ বহু দিশত পথ প্ৰদৰ্শন কৰে। তেওঁৰ কালজয়ী শিক্ষাই সমাজখনক গুণ আৰু সততাৰ ওপৰত গুৰুত্ব দিবলৈ অনুপ্ৰাণিত কৰে, সম্প্ৰীতি আৰু জ্ঞানৰ জগতখনক প্ৰসাৰিত কৰে।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
