
পাটনা, ২১ জুলাই (হি.স.)। যোৱা ১৭ জুলাইত পাটনাৰ ভেলী ৰোডত অৱস্থিত পাৰস হাস্পতালত সংঘটিত হোৱা কুখ্যাত অপৰাধী চন্দন মিশ্ৰ হত্যাকাণ্ডৰ চাৰিজন অভিযুক্তৰ সৈতে সোমবাৰে কলকাতাৰ পৰা পাটনাত উপস্থিত হৈছে বিহাৰৰ এছটিএএফ।
বিহাৰ আৰক্ষীৰ তথ্য অনুসৰি ধৃত শ্বুটাৰৰ ভিতৰত তৌছিফ বাদশ্বাহৰ বাহিৰেও আন তিনিজন অভিযুক্তৰ নাম আছে। এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড নিশু খান ওৰফে ভাইজানক পাটনাৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কলকাতাৰ পৰা তৌছিফ বাদশ্বাহ আৰু আন চাৰিজন গুলীচালনাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত বিহাৰ আৰক্ষীৰ দলটোৱে তেওঁলোকক তাত থকা আদালতত হাজিৰ কৰে আৰু তাৰ পিছত আটাইকেইজন পথেৰে পাটনালৈ ৰাওনা হয়। আজি বিহাৰ আৰক্ষীৰ দলটো আটাইকেইজন অভিযুক্তক লৈ পাটনা পালেহি। বৰ্তমান সময়ত কটকটীয়া নিৰাপত্তাৰক্ষী ব্যৱস্থাৰ মাজতে তেওঁলোকক আৰক্ষী লাইনত ৰখা হৈছে। আৰক্ষীয়ে তেওঁলোকক জেৰা কৰি আদালতত হাজিৰ কৰিব।
উল্লেখযোগ্য যে ১৭ জুলাইৰ পুৱা বিহাৰৰ ৰাজধানী পাটনাৰ এখন বৃহৎ ব্যক্তিগত চিকিৎসালয়ত ২০৯ নম্বৰ কোঠাত ভৰ্তি হোৱা কুখ্যাত চন্দন মিশ্ৰক গুলীয়াই হত্যা কৰিছিল ৫টা দুষ্কৃতিকাৰীয়ে। এই হত্যাকাণ্ডৰ পিছতে আলোড়নৰ সৃষ্টি হৈছিল। চিচিটিভিৰ ফুটেজত পাঁচজন দুষ্কৃতিকাৰীয়ে চন্দন মিশ্ৰৰ ওপৰত গুলীচালনা কৰা দেখা গৈছে। চিচিটিভিৰ ফুটেজ ওলোৱাৰ পিছত পাঁচজন গুলীচালনাকাৰীক চিনাক্ত কৰি আৰক্ষীয়ে কলকাতাৰ পৰা চাৰিজন গুলীচালনাকাৰীক গ্ৰেপ্তাৰ কৰে। আনহাতে হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড নিশু খান ওৰফে ভাই জানক পাটনাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
