• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰধানমন্ত্ৰী মোডীৰ আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ
National

প্ৰধানমন্ত্ৰী মোডীৰ আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ

CliQ INDIA
Last updated: September 22, 2025 6:16 pm
CliQ INDIA
Share
3 Min Read
SHARE

– ইটানগৰত ৩,৭০০ কোটি ₹তকৈ অধিক মূল্যৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব- মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ পৰিসৰত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন আৰু উদ্বোধন কৰিব

নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব । তেওঁ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটি ₹ৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত তেওঁ ৰাজহুৱা সভাতো ভাষণ দিব। অৰুণাচল প্ৰদেশ ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে ত্ৰিপুৰাত উপস্থিত হ’ব, য’ত তেওঁ পূজা কৰিব আৰু মাতাবাৰীৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ চৌহদত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব। ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰত চৰকাৰৰ প্ৰেছ এণ্ড ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)য়ে আজিৰ প্ৰধানমন্ত্ৰীৰ সূচী নিজৰ ৱেবছাইটত শ্বেয়াৰ কৰিছে।

অৰুণাচল প্ৰদেশ কাৰ্যসূচী–

পিআইবিৰ এক বিবৃতি অনুসৰি অঞ্চলটোৰ বিশাল জলবিদ্যুৎ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আৰু বহনক্ষম শক্তি উৎপাদনক প্ৰসাৰিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটানগৰত দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় হ’ব ₹৩,৭০০ কোটিতকৈ অধিক। অৰুণাচল প্ৰদেশৰ ছিয়ম উপ-অৱবাহিকাত নিৰ্মাণ হ’ব হিও জলবিদ্যুৎ প্ৰকল্প (২৪০ মেগাৱাট) আৰু টাটো-আই জলবিদ্যুৎ প্ৰকল্প (১৮৬ মেগাৱাট)। প্ৰধানমন্ত্ৰীয়ে টাৱাঙত অত্যাধুনিক কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিব। সীমান্তৱৰ্তী জিলা টাৱাংত ৯,৮২০ ফুটতকৈ অধিক উচ্চতাত অৱস্থিত এই কেন্দ্ৰটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন, সাংস্কৃতিক উৎসৱ, আৰু প্ৰদৰ্শনীৰ আয়োজনৰ বাবে এক ঐতিহাসিক ভৱন হিচাপে কাম কৰিব। ১৫০০ৰো অধিক প্ৰতিনিধিক আতিথ্য দিয়াৰ ক্ষমতা থকা এই কেন্দ্ৰটোৱে বিশ্ব মানদণ্ড পূৰণ কৰিব আৰু অঞ্চলটোৰ পৰ্যটন আৰু সাংস্কৃতিক সম্ভাৱনাত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে ₹১,২৯০ কোটিৰো অধিক মূল্যৰ কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্পও আৰম্ভ কৰিব, যিয়ে সংযোগ, স্বাস্থ্য, অগ্নি সুৰক্ষা, আৰু শ্ৰমিক মহিলাৰ বাবে হোষ্টেলকে ধৰি বিভিন্ন খণ্ডক উপকৃত কৰিব। এই পদক্ষেপসমূহে অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব, আৰু সংযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ব্যৱসায় কৰাত সহজতা নিশ্চিত আৰু এক সজীৱ উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ জি এছ টিৰ হাৰ যুক্তিসংগতকৰণৰ প্ৰভাৱৰ বিষয়ে স্থানীয় কৰদাতা, ব্যৱসায়ী, আৰু উদ্যোগ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰিব।

ত্ৰিপুৰা কাৰ্যসূচী–

প্ৰেছ এণ্ড ইনফৰ্মেশ্যন ব্যুৰোৰ এক বিবৃতি অনুসৰি ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে তীৰ্থযাত্ৰা সজীৱতা আৰু আধ্যাত্মিক ঐতিহ্য বৃদ্ধি অভিযান (প্ৰসাদ) আঁচনিৰ অধীনত মাতাবাৰীত ‘মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ কমপ্লেক্স’ৰ উন্নয়নমূলক কাম উদ্বোধন কৰিব। ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ চহৰত অৱস্থিত ৫১টা প্ৰাচীন শক্তিপীঠৰ ভিতৰত ই অন্যতম। প্ৰকল্পটোৰ আকৃতি ওপৰৰ পৰা কচ্ছপৰ দৰে। ইয়াৰ ভিতৰত মন্দিৰ চৌহদৰ উন্নতি, নতুন পথ, সংস্কাৰ কৰা প্ৰৱেশদ্বাৰ আৰু বেৰ, পানী নিষ্কাশন ব্যৱস্থা, ষ্টল, ধ্যান হল, অতিথিৰ আৱাস, কাৰ্যালয় কক্ষ আদিৰ সৈতে নতুন তিনিমহলীয়াকৈ নিৰ্মাণ কৰা আদি অন্তৰ্ভুক্ত।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দেশৰ সকলো প্ৰতিষ্ঠানে একেলগে কাম কৰিব লাগিবঃ জগদীপ ধনখৰ | BulletsIn
দিল্লী চৰকাৰে ১৯৮৪ চনৰ দাঙ্গা প্ৰভাৱিত পৰিয়ালৰ ৩৬ জন নিৰ্ভৰশীল নিযুক্তি, মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ইয়াক মৰ্যাদা পুনৰুদ্ধাৰ বুলি অভিহিত কৰে
ইতিহাসৰ পাতত ১৩ ছেপ্টেম্বৰঃ ভাৰতীয় সেনাই চলাইছিল অপাৰেচন প’লো
ভূটানলৈ দুদিনীয়া ৰাজকীয় ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোডী
বিজেপিৰ সভাপতি নড্ডাৰ আজি বিকাশ ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা লোৱাৰ হেঁচা ট্ৰাম্পৰ
Next Article বিটিচি নিৰ্বাচনঃ ওদালগুৰিৰ ১০খন পৰিষদৰ আসনৰ বাবে ভোটদান আৰম্ভ, কেইবাঠাইতো হিংসাত্মক ঘটনাৰ খবৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?