নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ দেশজোৰা স্বচ্ছতা অভিযানৰ অংশ হিচাপে আজি মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ দিল্লীৰ কন’ট প্লেচত উপস্থিত হয় । ইয়াত তেওঁ হনুমান মন্দিৰ চৌহদৰ চাফাই অভিযানত অংশ লৈছিল।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ মন্দিৰসমূহ পৰিষ্কাৰ কৰিবলৈ সকলোকে আহ্বান জনাইছে। মইও এই অভিযানত অংশ লৈছিলো। তেওঁ কয় যে আমাৰ ধৰ্মীয় স্থানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰক্ষণাবেক্ষণতকৈ ডাঙৰ ভক্তি নাই।
উল্লেখযোগ্য যে ৰাম মন্দিৰ পবিত্ৰ কৰাৰ পূৰ্বে বিজেপিয়ে ১৪ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ সকলো ৰাজ্যৰ ধৰ্মীয় স্থানত স্বচ্ছতা অভিযান চলাই আছে। বিজেপিৰ শীৰ্ষ নেতৃত্বকে ধৰি সকলো নেতাই বিভিন্ন স্থানত ইয়াত অংশগ্ৰহণ কৰি আছে।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ
