মহীশূৰ, ০১ ছেপ্টেম্বৰ (হি.স.)। আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটক ভ্ৰমণৰ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বিয়লি মহীশূৰ বিমানবন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী।
নিৰ্ধাৰিত সময় অনুসৰি মহীশূৰত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ স্পিচ এণ্ড হিয়াৰিঙৰ হীৰা জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ পিছত ৰাতি ৮ বজাত ৰাষ্ট্ৰপতিয়ে চামুণ্ডী পাহাৰত উপস্থিত হৈ দেৱী চামুণ্ডেশ্বৰীক দৰ্শন কৰিব। নিৰাপত্তাৰ ব্যৱস্থা হিচাপে আজি দিনৰ ২ বজাৰ পৰা ৮.৩০ বজালৈ থাভাৰেকাটেৰ পৰা চামুণ্ডী পাহাৰলৈ জনসাধাৰণৰ প্ৰৱেশ সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে।
আজি নিশা মহীশূৰত থাকিব ৰাষ্ট্ৰপতি। কাইলৈ অৰ্থাৎ মঙলবাৰে ৰাজপৰিয়ালৰ সদস্য প্ৰমোদা দেৱী ৱোদেয়াৰৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতিগৰাকীয়ে মহীশূৰ প্ৰাসাদ ভ্ৰমণ কৰিব আৰু এই প্ৰেক্ষাপটত আজিৰ পৰা কাইলৈ বিয়লিলৈ সাধাৰণ জনতাৰ ৰাজপ্ৰসাদত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহীশূৰ চহৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
