
গোলাঘাট, ১৬ জানুৱাৰী (হি স)। গোলাঘাটত আজি আৰক্ষী বাহন এখন দূৰ্ঘটনাগ্ৰস্ত হয় ৷ এই ঘটনাত গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীসহ সহ তিনিগৰাকী আহত হয় ৷ গোলাঘাটৰ ফৰকাটিং ১ নং তিৰোৱাল গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে সন্দেহ কৰি এএছ ০৫ কে ৭৪৩০ নম্বৰৰ এখন আই- ২০ গাড়ী খেদি যাওতে গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীবিষয়াৰ বলেৰ বাহন খন দূৰ্ঘটনাত পতিত হয় ৷
দূৰ্ঘটনাটোত গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী জিতুমণি ডেকা, কণিষ্টবল তপন গগৈ, সীমান্ত ৰাজখোৱা আৰু কমল দত্ত আহত হয় ৷ নাকা তালাচী অভিযানত গোলাঘাট আৰক্ষীৰ চকুত ধূলি মাৰি পলাই যাবলৈ লওতেই গাড়ীখন পিছা কৰে গোলাঘাট আৰক্ষীয়ে ৷ ইতিমধ্যে গাড়ীখন জামুগুৰি আৰক্ষী চকীয়ে কৰায়ত্ত কৰিছে আই -২০ বাহনখন ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
