মাণ্ডিয়া (কৰ্ণাটক), ১৬ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ মালৱল্লীত অনুষ্ঠিত হ’বলগীয়া শিৱৰাত্ৰি শ্ৰী শিৱযোগীসকলৰ ১০৬৬ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব।
মালাৱল্লী চহৰৰ শান্তি মহাবিদ্যালয়ৰ সন্মুখত বিয়লি ৩:১৫ বজাত মঞ্চ কাৰ্যসূচী উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। সুত্তৰ মঠৰ শিৱৰাত্ৰী দেশীকেন্দ্ৰ স্বামীজীৰ নেতৃত্বত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা ২২ ডিচেম্বৰত সামৰণি পৰিব এই সাতদিনীয়া কাৰ্যসূচী। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মালাৱল্লী চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰায় ৩০ একৰ মাটিত এই জন্ম বাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। এই কাৰ্যসূচীত ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, কেন্দ্ৰীয় মন্ত্ৰী এইচ.ডি. কুমাৰস্বামী, মন্ত্ৰী চালুভাৰায়স্বামী আৰু বিধায়ক নৰেন্দ্ৰ স্বামীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
