অযোধ্যা, ২২ জানুৱাৰী (হি.স.)। আজি প্ৰভূ ৰাম লালাৰ অভিষেকৰ বাবে অহা আমন্ত্ৰিত অতিথিসকলে বিশেষ টোপেলা (বাকচ)ত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ পৰা খাদ্য প্ৰসাদ লাভ কৰিব। খাদ্য প্ৰসাদসমূহৰ ভিতৰত বাদামী বৰফি, মটৰ কচুৰী, দুটা থেপলা পৰঠা, দুটা পুৰী, গাজৰ মটৰ বীনৰ তৰকাৰী, জলকীয়া আৰু আমৰ আচাৰ। সোমবাৰে পুৱা চাৰিখন বাহনত অতিথিসকলৰ বাবে খাদ্য অভিষেক অনুষ্ঠানৰ স্থানলৈ প্ৰেৰণ কৰা হয়।
ৰামলালাৰ অভিষেক অনুষ্ঠানত নিমন্ত্ৰিত অতিথিসকলক দিয়া এই বিশেষ খাদ্য প্ৰসাদ তুলসীনগৰ অযোধ্যা ধামৰ শিৱদয়াল জয়ছোৱাল সৰস্বতী বিদ্যা মন্দিৰ ইণ্টাৰ কলেজত প্ৰস্তুত কৰা হৈছে। খাদ্য প্ৰসাদৰ বাবে দহ হাজাৰ পেকেট প্ৰস্তুত কৰা হৈছে।
প্ৰসাদ প্ৰস্তুত কৰা বিদ্যালয়খনৰ অধ্যক্ষ অৱনী কুমাৰ শুক্লাই জনোৱা মতে, ১৮ জানুৱাৰীৰ পৰা এই বিশেষ খাদ্য প্ৰসাদ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। য’ত বাৰাণসীৰ উদ্যোগপতি তথা সমাজকৰ্মী সূৰ্যকান্ত জালানৰ নেতৃত্বত চাৰিশৰো অধিক কাৰিকৰ নিয়োজিত হৈ আছে। স্থানীয় গৰুৰ বিশুদ্ধ ঘিউত সকলো খাদ্য প্ৰস্তুত কৰা হৈছে। তেওঁ জনোৱা মতে, আজি পুৱা ৬ বজাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা স্থানত খাদ্য প্ৰসাদ উপলদ্ধ কৰোৱা হৈছে।
অতিথিসকলে পাব বিশেষ প্ৰসাদ-
শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টেও অতিথিসকলক দিবলৈ ১৫ হাজাৰ প্ৰসাদৰ পেকেট প্ৰস্তুত কৰিছে। তিনি ধৰণৰ প্ৰসাদ পেকেট সাজু হৈছে। এটা পেকেটত ৰাম মন্দিৰ আন্দোলনৰ পথ প্ৰদৰ্শক পূজনীয় সাধু দেৱৰাহা বাবাৰ ছবি, আনটো পেকেটত আন্দোলনৰ পথ প্ৰদৰ্শক আৰু হনুমান প্ৰয়াত অশোক সিংঘলৰ ছবি আছে। তৃতীয় পেকেটত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ছবি আছে।
ৰামভক্তসকলে প্ৰসাদৰ ৰূপত গুৰ ৰেৱদী, ৰামদানা চিক্কিৰ লগতে চাউল (অক্ষত) আৰু সেন্দুৰ (ৰোলি)ও লাভ কৰিব। ইয়াৰ বিশেষ পেকেট কৰা হৈছে। বিশেষকৈ বিষ্ণুৰ প্ৰিয় ‘তুলসী দল’কো প্ৰসাদৰ পেকেটত স্থান দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ/পৱন পাণ্ডে/মনোজ
