মৰিগাঁও, ২২ জানুৱাৰী (হি স)। অসম সাহিত্য সভাৰ একাদশ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনলৈ মাজত মাথো এসপ্তাহ বাকী। ইয়াৰ বাবে বাৰপূজীয়াৰ পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰত চলিছে অধিবেশনৰ ব্যাপক প্ৰস্তুতি। কিন্তু তাৰ মাজতে তীব্ৰ আৰ্থিক সংকটত ভুগিছে অভ্যথনা সমিতি। চৰম আৰ্থিক বিপৰ্যয়ত পৰিছে আয়োজক বাৰপূজীয়া শতদল শাখা সাহিত্য সভা। সেয়েহে অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিবেশন সাফল্যমণ্ডিত কৰিবলৈ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনাইছে।
উল্লেখ্য় যে অসম সাহিত্য সভাৰ বাৰপূজীয়া শতদল শাখাৰ আতিথ্যত অহা ৩১ জানুৱাৰী আৰু ১, ২ আৰু তিনি ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দ্বিবাৰ্ষিক অধিবেশন। এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজৰ আৰ্থিক সহায় বিচাৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই। দেওবাৰে বিয়লি একাদশ সংখ্যক বাৰপূজীয়া অধিবেশনৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি এক সংবাদমেলৰ জড়িয়তে অধিবেশনখন সাফল্যমণ্ডিত কৰিবলৈ ৰাইজৰ আৰ্থিক সহায়ৰ আহ্বান জনালে প্ৰধান সম্পাদকগৰাকীয়ে। লগতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে কয়- ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি, কূল।
এই বাৰপূয়জীয়াৰ অধিবেশনখন আস্থা, বিশ্বাস আৰু সততাৰ ভেটি নিৰ্মাণৰ অধিবেশন হ’ব বুলি মন্তব্য কৰি প্ৰধান সম্পাদকগৰাকীয়ে অধিবেশনত বুৰঞ্জী সন্মিলনৰ লগতে কিছু ব্যতিক্ৰমী কাৰ্যসূচী ৰখাৰ কথাও সদৰি কৰি যিকোনো কাৰণত অধিবেশনখন সাফল্যমণ্ডিত হ’ব বুলি ঘোষণা কৰে। লগতে অধিবেশন খনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি সদৰি কৰে। সংবাদ মেলত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মায়ো জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো সহযোগিতা আগগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
