
নলবাৰী, ২২ জানুৱাৰী (হি.স.): নলবাৰী জিলাৰ টিহুৰ মাখিবাহাত আজি পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জাহ যায় ৭ (সাত) খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান । মাখিবাহা নিউ চ’কত সংঘটিত হয় এই ঘটনা ।
অগ্নিকাণ্ডৰ কেনেদৰে সূত্ৰপাত ঘটিল সেয়া জানিব পৰা হোৱা নাই । চৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । মূহুৰ্ততে যথেষ্ট সংখ্যক ৰাইজ গোট খায় আৰু জুই নুমাবলৈ আপ্ৰাণ চেষ্টা কৰে । কিন্তু জুইৰ ভয়াবহতা দেখি ৰাইজৰ মাজত হৈ চৈ লাগে আৰু অগ্নিনিৰ্ব্বাপক বাহিনীক খবৰ দিয়ে । পিছত টিহু আৰু সৰ্থেবাৰীৰ পৰা অহা ৩ খন অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ীৰে ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰা হয় । ইতিমধ্যে ঘটনাস্থলিত টিহু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
