নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ইয়াত ছেমিকন ইণ্ডিয়া-২০২৫ উদ্বোধন কৰে। ছেমিকন ইণ্ডিয়া ২০২৫ত অনুষ্ঠানৰ আৰম্ভনিতে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰে বিক্ৰম ৩২-বিট প্ৰচেছৰ আৰু ৪টা অনুমোদিত প্ৰকল্পৰ টেষ্ট চিপ । বিক্ৰম ৩২-বিট প্ৰচেছৰ হৈছে প্ৰথমটো সম্পূৰ্ণ “মেক-ইন-ইণ্ডিয়া” ৩২-বিট মাইক্ৰ’প্ৰচেছৰ যিটো লঞ্চ বাহনৰ কঠোৰ পৰিৱেশ পৰিস্থিতিত ব্যৱহাৰৰ বাবে যোগ্য। ইছৰো ছেমি-কণ্ডুটৰ লেবে নিৰ্মাণ কৰিছে এই চিপটো।
উল্লেখ্য় যে ভাৰতৰ অৰ্ধপৰিবাহী ইক’ চিষ্টেমক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই তিনিদিনীয়া সন্মিলনখন। ইফালে প্ৰধানমন্ত্ৰীয়ে ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া চিইঅ’ গোলটেবুলতো অংশগ্ৰহণ কৰিব। ৪৮খন দেশৰ ২৫০০ প্ৰতিনিধিকে ধৰি ২০,৭৫০ জনতকৈ অধিক প্ৰতিযোগীয়ে, ৫০ জন বিশ্বৰ নেতাকে ধৰি ১৫০ জন বক্তা, ৩৫০ জনতকৈ অধিক প্ৰদৰ্শক এই সন্মিলনত অংশগ্ৰহণ কৰিছে।
ছেমিকন ইণ্ডিয়া-২০২৫ৰ অধীনত কাৰ্যসূচীৰ অগ্ৰগতি, অৰ্ধপৰিবাহী ফেব আৰু উন্নত পেকেজিং প্ৰকল্প, আন্তঃগাঁথনিৰ প্ৰস্তুতি, স্মাৰ্ট উৎপাদন, গৱেষণা আৰু উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্ভাৱন, বিনিয়োগৰ সুযোগ, ৰাজ্যিক নীতি ৰূপায়ণ, ডিজাইন লিংকড ইনচেন্টিভ (ডি এল আই) আঁচনিৰ অধীনত পদক্ষেপ, ষ্টাৰ্টআপ ইক’-চিষ্টেমৰ বিকাশ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ভৱিষ্যতৰ ৰোডমেপ আদি বিষয়ৰ ওপৰত অধিবেশন অনুষ্ঠিত হ’ব ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ বাবে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীৰ জাপান ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত ২১টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ ভিতৰত অৰ্ধপৰিবাহী আৰু এআইৰ ক্ষেত্ৰত সহযোগিতা প্ৰধান। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে টকিঅ’ ইলেক্ট্ৰনৰ অৰ্ধপৰিবাহী উদ্যোগতো পৰিদৰ্শন কৰে। জাপানক অৰ্ধপৰিবাহী সঁজুলি আৰু সামগ্ৰীৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গণ্য কৰা হয়।
ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন আৰু প্ৰযুক্তি বিকাশৰ কেন্দ্ৰ হিচাপে প্ৰদৰ্শন কৰিবলৈ ২০২২ চনত বেংগালুৰু, ২০২৩ চনত গান্ধীনগৰ আৰু ২০২৪ চনত গ্ৰেটাৰ নয়ডাত এনে সন্মিলনৰ আয়োজন কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
