চণ্ডীগড়, ২৭ জুন (হি.স.)। পঞ্জাৱৰ গুৰদাসপুৰত যোৱাকালি বৃহস্পতিবাৰে নিশা অস্ত্ৰধাৰী যুৱকে গুলীয়াই হত্যা কৰে গেংষ্টাৰ জগু ভগৱানপুৰীয়াৰ মাতৃ হৰজিত কৌৰ আৰু তেওঁৰ সহযোগী কৰণবীৰ সিঙক। এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে বাম্বিহা চক্ৰই। কৰণবীৰৰ পিতৃ পঞ্জাৱ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। গেং ৱাৰৰ ফলত এই হত্যাকাণ্ডৰ কথা বিবেচনা কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ লৰেন্স বিষ্ণই আৰু গোল্ডি ব্ৰাৰৰ গোটৰ মাজত হোৱা বিবাদৰ পিছত এইটোৱেই প্ৰথম গেংষ্টাৰ হত্যাকাণ্ড।
আৰক্ষীৰ মতে, হৰজিত কৌৰে কৰণবীৰ সিঙৰ লগত কিছু কামত গৈ আছিল। তেওঁলোকৰ গাড়ীখন আৰ্বান ষ্টেটৰ কাদিয়ান চুংগীৰ ওচৰত উপস্থিত হোৱাৰ লগে লগে এম্বুছত বহি থকা আক্ৰমণকাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। থিতাতে মৃত্যু হয় হৰজীত কৌৰ আৰু কৰণবীৰ সিঙৰ। আৰক্ষীয়ে গুৰদাসপুৰ জিলা ছীল কৰি তদন্ত আৰম্ভ কৰিছে। আজি পুৱা হাৰিয়ানাৰ দুজন কুখ্যাত গেংষ্টাৰ প্ৰভু দসুৱাল আৰু কৌশল চৌধুৰীয়ে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। দুয়োজনে বাম্বিহা গেঙৰ হৈ কাম কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
