কলকাতা, ২৪ অক্টোবৰ (হি.স.)। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নৱেম্বৰৰ প্ৰথম সপ্তাহত পশ্চিম বংগকে ধৰি পাঁচখন ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। পশ্চিম বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এক জ্যেষ্ঠ সূত্ৰই শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ বৈঠকত নিৰ্বাচন আয়োগে এই কথা ইংগিত দিয়ে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত আয়োগৰ অন্যান্য সদস্য সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীও উপস্থিত থাকে।
অহা বছৰ পশ্চিম বংগ, অসম, তামিলনাডু, পুডুচেৰী, আৰু কেৰালাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। আয়োগৰ পূৰ্ণ বিচাৰপীঠে এই পাঁচখন ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈ প্ৰস্তুতি পুনৰীক্ষণ কৰে। আয়োগৰ সূত্ৰ অনুসৰি এই ৰাজ্যসমূহক এছ আই আৰ প্ৰক্ৰিয়াত বিশেষ অগ্ৰাধিকাৰ দিয়া হ’ব যাতে জানুৱাৰীৰ শেষৰ ফালে সকলো কাম সম্পূৰ্ণ কৰিব পৰা যায়। যিহেতু এই ৰাজ্যসমূহত এপ্ৰিল মাহৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা, সেয়েহে আয়োগে ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া—জিলা নিৰ্বাচন বিষয়া, নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), সহকাৰী ই আৰ অ’, আৰু বুথ পৰ্যায়ৰ বিষয়া (বি এল অ’)ৰ প্ৰশিক্ষণ আৰু নিযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
সূত্ৰই জনোৱা মতে, এইবাৰ এছআইআৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল হ’ব। ভোটাৰ তালিকা উন্নীতকৰণৰ প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু সহজ কৰি তুলিবলৈ নতুন মোবাইল এপ্লিকেচন প্ৰস্তুত কৰা হৈছে। ইফালে, পশ্চিম বংগৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে এই বৈঠকত সাধাৰণতে বিদ্যালয়ৰ শিক্ষক হোৱা বিএলঅ’ বিষয়াসকলৰ নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰে। ৰাজনৈতিক উত্তেজনাৰ বাবে বহু বিএলঅ’ই ক্ষেত্ৰখনত কাম কৰাৰ ক্ষেত্ৰত নিৰাপত্তাহীনতা প্ৰকাশ কৰিছে। আয়োগে স্পষ্ট কৰি দিয়ে যে বিএলঅ’ৰ ভূমিকা ভোটাৰ তালিকাৰ প্ৰ-পত্ৰ ঘৰে ঘৰে বিতৰণ কৰা, ভোটাৰ আইডি সংগ্ৰহ কৰা, ভোটাৰৰ উপস্থিতিৰ পৰীক্ষণৰ মাজতে সীমাবদ্ধ। ভুৱা নাম আঁতৰোৱাৰ ক্ষেত্ৰত ই আৰ অ’সকলে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও আয়োগে গুৰুত্ব আৰোপ কৰে।
প্ৰয়োজন হ’লে স্থানীয় তদন্তও কৰিব পাৰে। যদি কোনো বি এল অ’ কোনো ৰাজনৈতিক দলে হেঁচা প্ৰয়োগ কৰে তেন্তে তেওঁলোকক পোনপটীয়াকৈ আয়োগক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পিছত আয়োগে প্ৰয়োজন অনুসৰি আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰয়োজন হ’লে আইন অনুসৰি নিৰাপত্তা বা আইনী পদক্ষেপ গ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
