নতুন দিল্লী ৷ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰা নেদাৰলেণ্ডৰ নেতা গেৰ্ট উইল্ডাৰ্ছে এতিয়া তেওঁৰ সৈতে ফোনত কথা পাতিলে। লগতে শৰ্মাক ‘সাহসী মহিলা’ আখ্যা দি সমগ্ৰ বিশ্বতে শৰ্মাক ‘স্বাধীনতাৰ প্ৰতীক’ বুলি অভিহিত কৰিছে। বিগত বছৰ টিভিৰ বিতৰ্কৰ সময়ত শৰ্মাক বিতৰ্কিত মন্তব্য কৰাৰ বাবে বিজেপিয়ে শৰ্মাক নিলম্বন কৰিছিল।
ৱাইল্ডাৰ্ছে কয় যে তেওঁ শৰ্মাৰ সৈতে ফোনত কথা পাতিছিল। তেওঁ লিখিছে, ‘আজি ফোনত কথা পাতিলোঁ নুপুৰ শৰ্মাৰ সৈতে। তেওঁ কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ মুক্ত বিশ্বৰ স্বাধীনতাৰ প্ৰতীক। যোৱা দুবছৰত তেওঁৰ ব্যক্তিগত স্বাধীনতা হেৰুৱাই পেলোৱা আৰু আইনী সমস্যাবোৰ আটাইতকৈ অন্যায় কাৰণ তেওঁ একোৱেই কৰা নাছিল। কি সাহসী মহিলা।’
লগ পোৱাৰ ইচ্ছাও প্ৰকাশ কৰিছে
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহতো ৱাইল্ডাৰ্ছে শৰ্মাক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ছ’চিয়েল মিডিয়াত ৱাইল্ডাৰ্ছে লিখিছে, ‘কেৱল সত্য কোৱাৰ বাবে ইছলাম অনুসৰণ কৰাসকলৰ পৰা ভাবুকি পোৱা বাহাদুৰ নুপুৰ শৰ্মালৈ মই ব্যক্তিগতভাৱে সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰিছো। বিশ্বৰ স্বাধীনতাপ্ৰেমী মানুহে তেওঁক সমৰ্থন কৰা উচিত। ভাৰত ভ্ৰমণৰ সময়ত তেওঁক লগ পাম বুলি আশা কৰিলোঁ।
হিন্দুৰ প্ৰতি সমৰ্থনৰ কথা
যোৱা বছৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত উইল্ডাৰ্ছে কৈছিল যে তেওঁ হিন্দুৰ সমৰ্থক। তেওঁ লিখিছে, ‘ডাচ নিৰ্বাচনত জয়ী হোৱাৰ বাবে মোক ধন্যবাদ জনোৱা বিশ্বৰ বন্ধুসকললৈ মোৰ ধন্যবাদ।’ তেওঁ লিখিছে, ‘ভাৰতৰ পৰা বহু বাৰ্তা আহি আছে। কেৱল হিন্দু হোৱাৰ বাবে বাংলাদেশ আৰু পাকিস্তানত যিসকল হিন্দুক আক্ৰমণ বা ভাবুকি দিয়া হয়, তেওঁলোকক মই সদায় সমৰ্থন কৰিম।
For more updates follow our Whatsapp
and Telegram Channel ![]()
