নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৭ আগষ্ট বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে । উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি জাৰি কৰা হ’ব অধিসূচনা। যদি এজনতকৈ অধিক প্ৰাৰ্থী থাকে তেন্তে অহা ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ কৰা হ’ব।
উল্লেখযোগ্য যে ২২ জুলাইত জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণত হঠাৎ পদৰ পৰা পদত্যাগ কৰে, তাৰ পিছত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ তীব্ৰ চৰ্চা হয়।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত জাননী জাৰি কৰা হ’ব। ২১ আগষ্ট তাৰিখে মনোনয়নৰ অন্তিম তাৰিখ। ২২ আগষ্টত মনোনয়ন পত্ৰ পৰ্যালোচনা কৰা হ’ব। ২৫ আগষ্টলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পদৰ বাবে যদি এজনতকৈ অধিক প্ৰাৰ্থী থাকে তেন্তে অহা ৯ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। য’ত ৰাজ্যসভাৰ ২৩৩ জন সদস্য, ৰাজ্যসভাৰ ১২ জন মনোনীত সদস্য আৰু লোকসভাৰ ৫৪৩ জন সদস্যই ভোটদান কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
