• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > পাকিস্তানকে ধৰি বিভিন্ন মুছলমান দেশে ইজৰাইলৰ পশ্চিম তীৰ সংলগ্ন কৰাৰ চেষ্টাক গৰিহণা
International

পাকিস্তানকে ধৰি বিভিন্ন মুছলমান দেশে ইজৰাইলৰ পশ্চিম তীৰ সংলগ্ন কৰাৰ চেষ্টাক গৰিহণা

CliQ INDIA
Last updated: October 25, 2025 1:50 am
CliQ INDIA
Share
2 Min Read
SHARE

ইছলামাবাদ, ২৪ অক্টোবৰ (হি.স.)। পাকিস্তান, আৰব আৰু অন্যান্য মুছলমান দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ এক বহল মিত্ৰজোঁটে দখল কৰা পশ্চিম পাৰৰ ওপৰত ইজৰাইলে শেহতীয়াকৈ নিজৰ তথাকথিত “সাৰ্বভৌমত্ব” জাপি দিয়াৰ বিধানসভাৰ প্ৰচেষ্টাক তীব্ৰ গৰিহণা দিছে।

বৃহস্পতিবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক যৌথ বিবৃতিত জৰ্ডান, ইণ্ডোনেছিয়া, ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান, তুৰস্ক, জিবুতি, চৌদি আৰব, ওমান, গাম্বিয়া, পেলেষ্টাইন, কাটাৰ, কুৱেইট, লিবিয়া, মালয়েছিয়া, ইজিপ্ত, নাইজেৰিয়া, লীগ অৱ আৰব ষ্টেটছ, আৰু অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেশ্যনে দখল কৰা পেলেষ্টাইন ভূখণ্ডসমূহ সংযুক্ত কৰা বিষয়ক ইজৰাইলৰ সংসদ, নেচেটে দুখন খচৰাত অনুমোদন জনোৱাক গৰিহণা দিয়ে ।

বিবৃতিটোত এই আইনগত ব্যৱস্থাসমূহক “আন্তঃৰাষ্ট্ৰীয় আইন” আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ২৩৩৪ নং প্ৰস্তাৱৰ প্ৰকাশ্য উলংঘা বুলি অভিহিত কৰা হৈছে। প্ৰস্তাৱটোৱে পূব জেৰুজালেমকে ধৰি দখল কৰা পেলেষ্টাইনৰ ভূখণ্ডৰ জনগাঁথনি আৰু মৰ্যাদা সলনি কৰাৰ লক্ষ্যৰে ইজৰাইলীৰ সকলো পদক্ষেপ নাকচ কৰিছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে দখল কৰা পেলেষ্টাইন ভূখণ্ডৰ কোনো অংশৰ ওপৰত ইজৰাইলৰ কোনো সাৰ্বভৌমত্ব নাই।

ইফালে, গাজাকে ধৰি দখল কৰা পেলেষ্টাইনৰ ভূখণ্ডৰ জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু মানৱীয় সাহায্য সামগ্ৰীৰ সুবিধা নিশ্চিত কৰাৰ বাবে ইজৰাইলৰ দায়িত্ব প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ক বুধবাৰে দেশকেইখনে আদৰণি জনায়। আইচিজেৰ ৰায়দানত যুদ্ধৰ পদ্ধতি হিচাপে “অনাহাৰ” ব্যৱহাৰৰ বিৰুদ্ধে আপত্তি পুনৰবাৰ প্ৰকাশ কৰি ইজৰাইলক গাজালৈ সাহায্য প্ৰদানত বাধা দিয়াৰ বাবে সমালোচনা কৰে।

বিবৃতিটোত পেলেষ্টাইনী জনসাধাৰণৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু স্বাধীন ৰাষ্ট্ৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে পূব জেৰুজালেমৰ ওপৰত ইজৰাইলৰ ভূখণ্ডৰ দাবী ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে “অগ্ৰাহ্য়” বুলি ঘোষণা কৰিছে।

যৌথ ঘোষণাত ইজৰাইলক নিজৰ অবৈধ আৰু একপক্ষীয় কাৰ্যকলাপ অব্যাহত ৰখাৰ পৰা সকীয়াই দিয়া হৈছে। ইজৰাইলক নিজৰ অবৈধ কাৰ্য্য বন্ধ কৰিবলৈ বাধ্য কৰি আন্তঃৰাষ্ট্ৰীয় সমাজক নিজৰ নৈতিক আৰু আইনী দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। ইয়াত জোৰ দি কোৱা হৈছে যে ১৯৬৭ চনৰ সীমান্তৰ ভিতৰত এখন সাৰ্বভৌম আৰু স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰই অঞ্চলটোত ন্যায়সংগত আৰু স্থায়ী শান্তি অৰ্জনৰ একমাত্ৰ পথ। এই পেলেষ্টাইন ৰাষ্ট্ৰখনৰ ৰাজধানী হিচাপে পূব জেৰুজালেম হ’ব লাগে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

চাৰিদিনীয়া নেপাল ভ্ৰমণলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব
প্ৰাক্তন প্ৰধানমন্ত্ৰী অলিৰ দাবী–পদত্যাগ কৰাৰ পিছত সেনাই জব্দ কৰিছিল তেওঁৰ মোবাইল ফোন
'মন্থা' ঘূৰ্ণীবতাহৰ ফলত নেপালত প্ৰচণ্ড বৰষুণ, প্ৰধান নদীসমূহত বানপানীৰ আশংকা
মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে তেহৰাণৰ বিমান সেৱা বন্ধ কৰি দিলে লুফথানছাই
প্ৰধানমন্ত্ৰী অলীক প্ৰত্যাহ্বান জনাই প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহাৰ ঘোষণা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেয়াৰ বজাৰৰ ছয় দিনীয়া উত্থান স্তব্ধ, শক্তিশালী আৰম্ভণিৰ পিছত চেন্সেক্স আৰু নিফটি অৱনমন
Next Article নৱেম্বৰ মাহত আৰম্ভ হ’ব পশ্চিম বংগত এছআইআৰ প্ৰক্ৰিয়া, জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?