২০২৫ চনত আমেৰিকাৰ পৰিয়ালসমূহে বিদ্যুত বিলত অচিন্তিত আঘাত পালে। বিদ্যুত ব্যৱহাৰ কম হলেও বিল দ্বিগুণ হ’ল। ইয়াৰ মূল কাৰণ “Capacity Auctions” — এটা লুকুৱা ব্যৱস্থা যাৰ জৰিয়তে সাধাৰণ গৃহস্থকেই বৃহৎ Tech কোম্পানীৰ AI Data Center-ৰ বিশাল বিদ্যুত প্ৰয়োজনীয়তা পৰোক্ষভাৱে ভৰপোষ কৰিছে। ইয়াকেই “Hidden AI Tax” বুলি কোৱা হৈছে।
BulletsIn
-
আমেৰিকাৰ বৈপৰীত্য – বিদ্যুত ব্যৱহাৰ ৬–৭% কম, কিন্তু গৃহস্থৰ বিল ১৫–২০% বাঢ়ি গ’ল।
-
Capacity Market ধাৰণা – Power Plantক কেৱল বিদ্যুত উত্পাদনৰ বাবেই নহয়, “Standby” হৈ থকাৰ বাবেও টকা দিয়া হয়।
-
অভূতপূৰ্ব বৃদ্ধি – PJM অঞ্চলত ২০২৪ত $28/MW-day ৰ পৰা ২০২৬ত $329/MW-dayলৈ বৃদ্ধি।
-
AI Data Center-ৰ হাহাকাৰ – GPT-4, GPT-5 যেনে Model Trainingৰ বাবে হাজাৰ হাজাৰ GPU ২৪x৭ কাম কৰে। এটা Data Center-এ এটা সৰু চহৰখনে খোৱাৰ দৰে বিদ্যুত খায়।
-
গৃহস্থৰ ওপৰত ভাৰ – এই বৃদ্ধি হোৱা খৰচ সকলোৰে মাজত বণ্টন হ’ল, ফলত পৰিয়ালসমূহে “Hidden AI Tax” দিবলগীয়া হ’ল।
-
ঐতিহাসিক পৰিপ্ৰেক্ষিত – ২০১৮–২১ত দাম স্থিৰ, ২০২২–২৪ত একেবাৰে কম, কিন্তু ২০২৫ৰ পৰা ৰকেটৰ দৰে বৃদ্ধি।
-
অন্য কাৰণসমূহ – কোল আৰু গেছ প্লাণ্ট বন্ধ, নতুন Renewable প্ৰকল্পত বিলম্ব, কঠোৰ নিয়ম-কানুন।
-
ভাৰতৰ পৃথক মডেল – ইয়াত DISCOM-এ দীৰ্ঘমেয়াদি চুক্তিৰে বিদ্যুত ক্ৰয় কৰে। গৃহস্থক Subsidy দিয়ে, কিন্তু শিল্পকেই অধিক দৰতে পেচ কৰিব লগা হয়।
-
ভাৰতত Data Center বৃদ্ধি – ২০১৯ত 350 MW ৰ পৰা ২০২৪ত 1000 MW, ২০২৬ত 1800 MW হোৱাৰ সম্ভাৱনা। মুখ্য কেন্দ্ৰসমূহ – মুম্বাই, হাইদৰাবাদ, নয়ডা, চেন্নাই।
-
সমাধান আৰু সুযোগ – Data Center-লৈ 100% Renewable Energy বাধ্যতামূলক কৰা, অতিৰিক্ত খৰচ Industryৰ পৰা লোৱা, Smart Grid আৰু Battery System উন্নয়ন কৰা, আৰু যুৱসমাজক Policy Makingত জড়িত কৰা।
