নতুন দিল্লী, ৬ ছেপ্টেম্বৰ (হি.স.)। দিল্লীত বিপদৰ চিহ্নৰ ওপৰেৰে বৈ যোৱা যমুনাৰ জলপৃষ্ঠ বিগত দুদিনত এক মিটাৰৰো অধিক হ্ৰাস পাইছে।
দিল্লীৰ জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ তথ্য অনুসৰি শনিবাৰে পুৱা ১০ বজাত যমুনাৰ জলপৃষ্ঠ ২০৬.৪৩ মিটাৰ হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে ইয়াৰ জলপৃষ্ঠ ২০৭.৪৬ মিটাৰ।
দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱেৰ তলৰ পথত বসবাস কৰা বানাক্ৰান্ত সকলক সাহায্য শিবিৰলৈ লৈ গৈছে প্ৰশাসনে। যমুনাৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ সমান্তৰালকৈ সাহায্য শিবিৰৰ ব্যৱস্থা উন্নত কৰাত ব্যস্ত প্ৰশাসন। কিন্তু যমুনাৰ পাৰত বসতি স্থাপন কৰা অঞ্চলবোৰ এতিয়াও কেইবাফুট পানীৰে ভৰি আছে। ড্ৰ’নৰ পৰা নিৰ্মিত ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে যমুনাৰ পানী কেইবা কিলোমিটাৰ বিয়পি আছে। যমুনাৰ পানীয়ে খজুৰি চক, শাস্ত্ৰী পাৰ্ক, গীতা কলনী, অক্ষৰ্ধম আৰু ময়ুৰ বিহাৰত উপনীত হৈছে। ফুল আৰু শাক-পাচলিৰ লগতে যমুনাৰ পাৰৰ আন আন শস্যসমূহ ডুব গৈছে। যমুনাৰ ঘাটবোৰত কেইবাফুট পানী ভৰি আছে।
শুকুৰবাৰে গভীৰ নিশা লোহা দলঙৰ সমীপৰ গৌশালাত আবদ্ধ হৈ থকা গৰুবোৰৰ তথ্য লাভ কৰাৰ লগে লগে দিল্লীৰ মন্ত্ৰী কপিল মিশ্ৰই তাত উপস্থিত হয়। গৌশালত আবদ্ধ হৈ থকা পোৱালি আৰু গৰুবোৰক নিৰাপদ স্থানলৈ নিয়াৰ সম্পূৰ্ণ ব্যৱস্থা কৰিলে। এই উপলক্ষে মন্ত্ৰী কপিল মিশ্ৰই কয় যে কেৱল জীৱ-জন্তুৰ সুৰক্ষাই সুনিশ্চিত কৰাই নহয়, বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ মৌলিক প্ৰয়োজনীয়তাসমূহো যত্ন লোৱা হ’ব। যিবোৰ অঞ্চলৰ পৰা জীৱ-জন্তুবোৰ উলিয়াই অনা সম্ভৱ নহয়, সেইবোৰ অঞ্চলত ইহঁতৰ খাদ্য আৰু যত্নৰ ব্যৱস্থা কৰা হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
