বাংগালুৰু, ১৩ ছেপ্টেম্বৰ (হি.স.)। কৰ্ণাটকৰ হাছান তালুকৰ মোছালে হোছাহল্লীৰ সমীপত গণেশ বিসৰ্জন শোভাযাত্ৰাৰ সময়ত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়।
হাছানৰ পৰা হোলেনাৰসীপুৰলৈ যোৱা এখন মিনি কেণ্টাৰৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই গণেশ বিসৰ্জন উদযাপন কৰা লোকৰ শোভাযাত্ৰাকাৰীক মহতিয়াই নিয়ে।
গণেশ বিসৰ্জন শোভাযাত্ৰাত যোগদান কৰিছিল মোছালে হোছাহল্লী আৰু হীৰেহল্লীৰ গাঁওবাসীয়ে। শোভাযাত্ৰাত হঠাৎ কেণ্টাৰ বাহন প্ৰৱেশ কৰি দুৰ্ঘটনাটো সংঘটিত হয়। মৃতকক সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহতসকলক হাছান আৰু হোলেনাৰসীপুৰৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে, আৰু এই কাণ্ডত গুৰুতৰভাৱে আহত একাংশৰ অৱস্থা সংকটজনক হৈয়ে আছে।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সিদ্ধাৰমৈয়াই মৃতকৰ পৰিয়ালৰ বাবে ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰাৰ উপৰি আহতসকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি কয়।
এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী এইচ.ডি. কুমাৰস্বামীয়ে ছ’চিয়েল মিডিয়াত এই খবৰ পাই স্তম্ভিত হোৱা বুলি উল্লেখ কৰি মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
