– দেশবাসীকো জনালে শুভেচ্ছা
নতুন দিল্লী, ০৯ আগষ্ট (হি স)। আজি শাওন মাহৰ পূৰ্ণিমা। এই উপলক্ষ্যত শনিবাৰে সমগ্ৰ দেশজুৰি অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰাখীবন্ধন উৎসৱ। ভাতৃ-ভগ্নীৰ মৰম-স্নেহৰ পবিত্ৰ সম্পৰ্কত উৎসৰ্গিত এই উৎসৱত দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত ৭ নং, প্ৰধানমন্ত্ৰীৰ বাসগৃহত এক আটকধুনীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পৰিধান কৰায়।
প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত দিল্লীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীয়ে উৎসাহ আৰু উদ্যমেৰে অংশগ্ৰহণ কৰে। এই ছাত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ হাতত ৰাখী বান্ধি তেওঁৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে।
অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়েও সকলো কন্যা ছাত্ৰীক অতি মৰমেৰে আদৰণি জনায় আৰু তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰে। এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক কয় যে, মই মোদী আংকলৰ বাবে ময়ুৰৰ ৰাখী লৈ আহিছো। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ৰাখীবন্ধনৰ শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত লিখিছে, “ৰাখীবন্ধনৰ পবিত্ৰ দিৱসত সকলো দেশবাসীলৈ অলেখ শুভেচ্ছা”।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
