বাক্সা, ০৯ আগষ্ট (হি.স.)। বাক্সাৰ অঞ্চলীত কাইলৈ অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভাস্থলী আজি পৰিদৰ্শন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্রী দাসৰ। বিটিচিত ইউপিপিএল, বিপিএফৰ সৈতে বিজেপিৰ কোনো সংঘাত নাই। বিটিচিত এইবাৰ ৰাইজে বিজেপিৰ চৰকাৰ বিচাৰিছে। বিটিচিত বিজেপিয়ে এইবাৰ ১৮ খন আসন লাভ কৰিব, বাকী থকা ২২ খন ইউপিপিএল, বিপিএফৰ মাজত ভাগ বতৰা হ’ব।
বিটিচিৰ জনগনে আমাক বেছি ভাল পায়, দ্বিতীয় বেছি ভাল কাক পায় সেইটো ৰাইজে বিচাৰি কৰিব। কংগ্ৰেছ দল বাৰিষাৰ ভেকুলীৰ দৰে। বাৰিষা হলে যেনেকৈ ভেকুলীয়ে টোৰ টোৰ কৰে, ঠিক তেনেকৈ কংগ্ৰেছ দলো তেনেকুৱা। উচ্ছেদ সন্দৰ্ভত মন্তব্য মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ। তেও কই ৰাজ্যত বেদখলকাৰীক উচ্ছেদ অব্যাহত থাকিব। বিটিচিত এবিএমছুৱে নিৰ্বাচন খেলা সন্দৰ্ভতো মন্তব্য মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
