নগাঁও, ০৬ জানুৱাৰী (হি.স.)। নগাওঁত কালি এগৰাকী জিলা আয়ুক্তই এটা ব্যক্তিগত চেনেলৰ সাংবাদিকক চৰকাৰী কাৰ্যালয়ত প্ৰহাৰ কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে সম্পাদক শংকৰজ্যোতি বৰুৱাই।
সাংবাদিক নিগ্ৰহৰ ঘটনাটোক ধিক্কাৰ দিয়ে আছু নেতৃদ্বয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা আক্ৰমণক গৰিহণা দি জিলা আয়ুক্ত গৰাকীক তদন্তৰ আওতালৈ আনি শাস্তিমূলক ব্যৱস্থাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
