নতুন দিল্লী, ০১ মাৰ্চ : আজিৰে পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া ঝাৰখণ্ড, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ। এই সময়ছোৱাত তেওঁ এই ৰাজ্যসমূহৰ উন্নয়নমূলক প্ৰকল্পসমূহ উপহাৰ দিব। ভাৰতীয় জনতা পাৰ্টিৰ এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোডীৰ আজিৰ কাৰ্যসূচীৰ সবিশেষ শ্বেয়াৰ কৰিছে। লগতে তেওঁৰ কাৰ্যালয়ে ভ্ৰমণৰ প্ৰাকক্ষণত দুদিনীয়া ভ্ৰমণৰ সবিশেষ দিছিল।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ১ মাৰ্চত পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী মোদে ঝাৰখণ্ডৰ ধনবাদ জিলাৰ সিন্দ্ৰৰীত উপস্থিত হৈ ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াত তেওঁ ঝাৰখণ্ডত ৩৫,৭০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত তেওঁ ধনবাদত এখন ৰাজহুৱা সভাত ভাষণ দিব।
পিএমঅ’ৰ মতে, ঝাৰখণ্ড ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি ৩ বজাত পশ্চিমবংগৰ হুগলীৰ আৰমবাগত এক ৰাজহুৱা অনুষ্ঠানত ৭,২০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ২ মাৰ্চত পুৱা ১০:৩০ বজাত পশ্চিমবংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীয়ে, য’ত তেওঁ ১৫ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি বিহাৰৰ ঔৰংগাবাদত ২:৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া ৫:১৫ বজাত বিহাৰৰ বেগুছৰাইত উপস্থিত হ’ব, য’ত তেওঁ ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকা আৰু বিহাৰত ১৩,৪০০ টকাৰো অধিক মূল্যৰ তেল আৰু গেছ খণ্ডৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
