মুম্বাই, ০৮ ডিছেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ বাবে দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হিচাপ ৭ শতাংশলৈ বৃদ্ধি কৰিছে। প্ৰবল ঘৰুৱা চাহিদা আৰু উৎপাদন খণ্ডত ক্ষমতাৰ ব্যৱহাৰ বৃদ্ধিৰ মাজতে ৰিজাৰ্ভ বেংকে বৃদ্ধিৰ হাৰৰ অনুমান বৃদ্ধি কৰিছে।
শুকুৰবাৰে আয়োজিত সংবাদমেলত আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৬.৫০ শতাংশ ৰেপো ৰেট বজাই ৰাখিছে। মুদ্ৰা পৰ্যালোচনা বৈঠকৰ ফলাফল সন্দৰ্ভত তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৭ শতাংশ হ’ব। ডিচেম্বৰ ত্ৰৈমাসিকত জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ আৰু মাৰ্চ ত্ৰৈমাসিকত ছয় শতাংশ বুলি অনুমান কৰা হৈছে।
শক্তিকান্ত দাসে কয় যে মুদ্ৰা পৰ্যালোচনাত এমপিচিয়ে আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বাবে জিডিপি বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ, দ্বিতীয় ত্ৰৈমাসিকৰ বাবে ৬.৫ শতাংশ আৰু তৃতীয় ত্ৰৈমাসিকৰ বাবে ৬.৪ শতাংশ বুলি অনুমান কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বেংকে ২০২৩-২৪ বিত্তীয় বৰ্ষত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি অনুমান কৰিছিল।
উল্লেখযোগ্য যে ২০২৩ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি ৭.২ শতাংশ হাৰত বৃদ্ধি পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ জুন আৰু ছেপ্টেম্বৰ ত্ৰৈমাসিকত দেশৰ বাস্তৱ জিডিপি বৃদ্ধিৰ হাৰ ক্ৰমে ৭.৮ শতাংশ আৰু ৭.৬ শতাংশ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বেংক আৰু ৰেটিং এজেন্সী ফিচে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ভৱিষ্যদ্বাণী কৰাৰ বিপৰীতে এছ এণ্ড পিয়ে এই বৃদ্ধিৰ হাৰ ৬.৪ শতাংশ হ’ব বুলি আশা কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
